ক্রীড়াৰ ক্ষেত্ৰত অতিকৈ উৰ্বৰা আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ শিৱসাগৰ জিলাখনক ক্ৰীড়াৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত এক উৎকৃষ্ট মৰ্য্যদা প্ৰদান কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই “খেল’ শিৱসাগৰ খেল'” শীৰ্ষক এক অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছে।ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক স্বকীয় পৰিচয়েৰে মহীয়ান কৰি তোলাৰ প্ৰয়াস স্বৰূপে গ্ৰহণ কৰা “খেল’ শিৱসাগৰ খেল'” অভিযানৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ লক্ষ্যৰে উপায়ুক্ত গৰাকীয়ে যোৱা ১২ নৱেম্বৰত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ক্ৰীড়া সংস্থা সমুহৰ বিষয়-ববীয়া, ক্রীড়া সংগঠক, নবীন-প্ৰবীণ খেলুৱৈ আৰু ক্রীড়াপ্ৰেমী সকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।শিৱসাগৰৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা প্ৰবীণ এথলিট মোহিত্ৰী সন্দিকৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ অধ্যক্ষতা কৰি উপায়ুক্ত গৰাকীয়ে নিজ বক্তব্যত উল্লেখ কৰে যে, বিদ্যালয়, শিক্ষা খণ্ড আৰু জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা আয়োজনৰ মূল উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতা সমূহত জিলাখনৰ পৰা সুসংগঠিত প্ৰক্ৰিয়াৰে উৎকৃষ্ট খেলুৱৈৰ বাচনি কৰি যোগদান নিশ্চিত কৰা। এই প্ৰক্ৰিয়াৰে প্ৰতিযোগিতাৰ বেছি সংখ্যক শিতানত জিলাখনৰ খেলুৱৈ সকলে যোগদান আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ মতপ্ৰকাশ কৰে। তেওঁ উপস্থিত সকলোৰে পৰা গঠনমূলক পৰামৰ্শ আৰু সম্পূৰ্ণ সহযোগিতা কামনা কৰে।সভাত উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক খেল’ শিৱসাগৰ খেল’ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে।উপায়ুক্তৰ নিৰ্দেশমৰ্মে সভাত জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ে “খেল’ শিৱসাগৰ খেল'”ৰ প্ৰস্তুতি সম্পৰ্কে প্ৰস্তুত কৰা প্ৰাৰম্ভিক পর্যায়ৰ পৰিকল্পনা সম্পৰ্কে যুগুত কৰা এক প্ৰতিবেদন পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেৰে উপস্থাপন কৰি এই সন্দৰ্ভত উপস্থিত সকলোকে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, এই প্ৰতিযোগিতা সমূহ জিলা উপায়ুক্তৰ তত্বাৱধানত; শিৱসাগৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্য্যালয়, বিদ্যালয় সমূহৰ পৰিদৰ্শক, শিৱসাগৰ আৰু নাজিৰাৰ জিলা ক্রীড়া সন্থাৰ উদ্যোগত তথা বিভিন্ন ক্রীড়া সংস্থা সমূহৰ সহযোগিতাত অহা বছৰৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতা সমূহ নিম্নোক্ত তিনিটা বৰ্গত অনুষ্ঠিত হ’ব: ১৪ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; আৰু ১৯ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী।সভাত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় খেলপথাৰ আৰু ইন্ডোৰ হল চয়ন; খণ্ড পৰ্য্যায়ত অনুষ্ঠিত কৰিবলগীয়া খেলসমুহ; বিদ্যালয়, খণ্ড আৰু জিলা পৰ্য্যায়ৰ বাবে প্ৰয়োজনীয় খেলৰ সা-সৰঞ্জাম সমূহ আৰু খণ্ড আৰু জিলা পৰ্য্যায়ৰ সমিতি সমূহৰ গঠন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে মুঠ ৩২ টা খেলৰ এক সূচী প্ৰস্তুত কৰা হয়।উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ ক্রীড়া ক্ষেত্ৰৰ উন্নতি আৰু খেলুৱৈ সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে যথাসম্ভৱ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে।নিজ বক্তব্যত অৰ্জুন ভোগেশ্বৰ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগৰ শলাগ লৈ কয় যে, অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে জিলাখনত অনুষ্ঠিত হ’বলগীয়া খেল’ শিৱসাগৰ খেল’ প্ৰতিযোগিতাই নিশ্চিতভাৱে খেলুৱৈ সকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ পৰা উদীয়মান ক্রীড়া প্রতিভা সমূহেও বিকশিত হোৱাৰ সুযোগ লাভ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন