দক্ষিণ কামৰূপৰ ৰামপুৰ মৌজাৰ বাটৰহাটত অৱস্থিত বন্ধন বেংকৰ কাৰ্যালয়ত আজি সমগ্র অঞ্চলৰ ঋণ লোৱা মহিলাৰ লগত বেংক কৰ্তৃপক্ষৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ সমাজকৰ্মী হেমন্ত কুমাৰ নাথ, ডিম্বেশ্বৰ নাথ, শাখা প্ৰৱন্ধক বিশ্বজ্যোতি কলিতা, ৰামপুৰ শাখাৰ দায়িত্বত থকা নিৰুপমা ডেকাৰ উপস্থিতিত সজাগতা সভাখনত বেংকৰ হৈ এৰিয়া মেনেজাৰ প্ৰণয় ৰয়ে বন্ধন বেংকৰ জনকল্যাণকামী আঁচনিৰ বিষয়ে বক্তব্য ৰাখে। বন্ধন বেংকৰ বৰ্তমান সুতৰ হাৰ ১৭.৯৫ শতাংশলৈ নামি অহাৰ বিষয়েও উপস্থিত ৰাইজক অৱগত কৰায়। সভাত ঋণ লোৱা মহিলাৰ ফালৰপৰা নহিৰাৰ দীপিকা ঠাকুৰীয়া, দখলাৰ নিৰ্মলা শৰ্মা, বৰটাৰীৰ বিজয়া বিবি, জিয়াকুৰৰ পূৰ্ণিমা তালুকদাৰ, সানপাৰাৰ পুতু কলিতাই বন্ধন বেংকৰ জৰিয়তে ঋণ লৈ কিদৰে স্বাৱলম্বী হব পাৰিছে তাৰ বিষয়ে নিজস্ব মন্তব্য দাঙি ধৰে। যিসকল মহিলাই বেংকৰ ঋণ লৈ পৰিশোধ কৰা নাই তেওঁলোকে পৰ্যায়ক্ৰমে আলোচনাৰ মাধ্যমেৰে ঋণ পৰিশোধ কৰিবলৈ আগবাঢ়ি অহাটো উচিত বুলি কৰ্তৃপক্ষৰ ফালৰপৰা আবেদন জনোৱা হয়। সভাত উপস্থিত থকা সাংবাদিক বিমল শৰ্মা, জিতুমনী দাস আৰু প্ৰদীপ দাসক বেংক কৰ্তৃপক্ষই ফুলাম গামোচাৰে আদৰণি জনায়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন