ভাৰতৰ বিভিন্ন প্ৰান্তত থকা নৃগোষ্ঠীয় তথা জনজাতি লোকসকলৰ কলা, সংস্কৃতি, বিকাশ, প্ৰসাৰ তথা সমন্বয়ৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে আদিবিম্ব শীৰ্ষক এক সমাৰোহ। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। আজিৰে পৰা ১৭ মাৰ্চলৈকে হ’ব লগা সমাৰোহ খনৰ বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে ৰতন থিয়ামে আৰু সহযোগ কৰে চাবুৱা আৰু তিনিচুকীয়াৰ স্থানীয় বিধায়কে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন ঠাই যেনে মুম্বাই, ঝাৰখণ্ড আদিত এনে ধৰণৰ মহোৎসৱ অনুষ্ঠিত হোৱা হৈছিল। এইবাৰ তিনিচুকীয়াৰ গতং গাওত অনুষ্ঠিত হোৱা “আদি বিম্বত” আদিবাসী সকলৰ কলা সংস্কতিৰ সমন্বয় সাধন হোৱা পৰিলক্ষিত হয়। “আদি বিম্ব” শীৰ্ষক সমাৰোহ খন এনে ঠাইত উদযাপন কৰা হয়, যাতে সকলো খিলিঞ্জীয়া জনগোষ্ঠীৰ মাজত কলা- সংস্কৃতি বিকাশ কৰিবলৈ অতি সহজতে এখন মঞ্চ বিচাৰি পায়। প্ৰায় ৪৫ টা জনগোষ্ঠীয়ে এই নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যায়।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি



