আদিবিম্ব সমাৰোহ

0 252

IMG-20170315-WA0028

ভাৰতৰ বিভিন্ন প্ৰান্তত থকা নৃগোষ্ঠীয় তথা জনজাতি লোকসকলৰ কলা, সংস্কৃতি, বিকাশ, প্ৰসাৰ তথা সমন্বয়ৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে আদিবিম্ব শীৰ্ষক এক সমাৰোহ। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। আজিৰে পৰা ১৭ মাৰ্চলৈকে হ’ব লগা সমাৰোহ খনৰ বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে ৰতন থিয়ামে আৰু সহযোগ কৰে চাবুৱা আৰু তিনিচুকীয়াৰ স্থানীয় বিধায়কে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন ঠাই যেনে মুম্বাই, ঝাৰখণ্ড আদিত এনে ধৰণৰ মহোৎসৱ অনুষ্ঠিত হোৱা হৈছিল। এইবাৰ তিনিচুকীয়াৰ গতং গাওত অনুষ্ঠিত হোৱা “আদি বিম্বত” আদিবাসী সকলৰ কলা সংস্কতিৰ সমন্বয় সাধন হোৱা পৰিলক্ষিত হয়। “আদি বিম্ব” শীৰ্ষক সমাৰোহ খন এনে ঠাইত উদযাপন কৰা হয়, যাতে সকলো খিলিঞ্জীয়া জনগোষ্ঠীৰ মাজত কলা- সংস্কৃতি বিকাশ কৰিবলৈ অতি সহজতে এখন মঞ্চ বিচাৰি পায়। প্ৰায় ৪৫ টা জনগোষ্ঠীয়ে এই নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যায়।

IMG-20170315-WA0029

IMG-20170315-WA0027

IMG-20170315-WA0025

Leave A Reply

Your email address will not be published.