অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ ফলশ্ৰুতিত জন্মলাভ কৰা অসমৰ গৌৰৱক কাৰণ হৈ পৰা তেজপুৰ বিশ্ববিদ্যালয়ে পুনৰ কঢ়িয়াই আনিলে আন এক সাফল্যৰ খবৰ। টাইমচ এডুকেশ্যন হায়াৰ ইউনিভাৰচিটি ৰেংকিঙত এচিয়াৰ শ্ৰেষ্ঠ ১৫০ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰূপে পৰিগণিত হৈছে তেজপুৰ বিশ্ববিদ্যালয়। উল্লেখযোগ্য যে এচিয়াৰ মহাদেশৰ ২৪ খন ৰাষ্ট্ৰীয় ৩০০ বিশ্ববিদ্যালয়ৰ ভিতৰত ১৩১ ৰ পৰা ১৪০ স্থানত গৌৰৱেৰে উজ্বলি উঠিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই সন্মান অলংকৃত কৰা দেশৰ আন কেইখন বিশ্ববিদ্যালয় হ’ল ভেংকটেচ বিশ্ববিদ্যালয়, যাদবপুৰ বিশ্ববিদ্যালয়, পঞ্জাৱ বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়। দেশৰ এই কেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ সম পৰ্যায়ত একে স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়। ইফালে আই আই টি গুয়াহাটীয়ে ১০১ ৰ পৰা ১১০ স্থানৰ ভিতৰত উজ্বলি উঠিবলৈ সক্ষম হয়। গুৱাহাটী আই আই টি আৰু তেজপুৰ বিশ্ববিদ্যালয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে শৈক্ষিক জগতৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। প্ৰণিধানযোগ্য যে উচ্চ শিক্ষানুষ্ঠানৰ লক্ষ্য- উদ্দেশ্য আৰু শৈক্ষিক মানদণ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষানুষ্ঠান খনৰ দৃষ্টিভংগী আৰু ইয়াৰ মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি টাইমচ হায়াৰ এডুকেশ্যন ৱল্ড ইনিভাৰচিটি ৰেংকিঙত স্থান লাভ কৰে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনে দেশৰ ২৪ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ স্থানেৰে ৰাষ্ট্ৰপতিৰ ভিজিৰ্টচ এৰ্ৱাড লাভ কৰাৰ লগতে দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্বাচনত দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত পঞ্চম স্থানৰে উজ্বলি উঠিছিল।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
