আজিৰ দিনটোৰ গৰমৰ মাত্ৰা

1 383

দিল্লী, উত্তৰ প্ৰদেশৰ নিচিনাকৈ উত্তৰ পূবতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। সমগ্ৰ ৰাজ্যত উৎকট গৰমে দহিছে। ৰ’দৰ প্ৰকোপত বাহিৰলৈ ওলাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনোৱে যদি ডাবৰ পানী খাই দেহ শীতল কৰিছে আন কোনোৱে ঘৰৰ টিঙত পানী ঢালি ঘৰতো শীতল কৰাৰ প্ৰয়াস কৰিছে। গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি সমগ্ৰ উত্তৰ পূবৰ ভিতৰত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ উষ্ঞতা সৰ্বাধিক আছিল। আজিৰ দিনটোত পাচিঘাটৰ উষ্ঞতা ৩৮.৪ ডিগ্ৰী চেলচিয়াছ।

আনহাতে গুৱাহাটী মহানগৰী আৰু লক্ষীমপুৰ জিলাৰ তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলচিয়াছ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা গৰমৰ দিনত শ্বিলঙত ফুৰিবলৈ যোৱা সকলে আজিৰ দিনটোত গৰমৰ পৰা অলপ ৰেহাই পাইছে। কিয়নো আজিৰ দিনটোত শ্বিলঙৰ তাপমাত্ৰা ২৯ ডিগ্ৰী চেলচিয়াছ। গোলকীয় উষ্ঞতা বৃদ্ধি আৰু ঘূৰ্ণী বতাহৰ তাৰতম্যৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তাপমান বৃদ্ধি পোৱাৰ বিষয়ে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এই উষ্ঞতা আৰু কমেও দুই তিনিদিনলৈ এইদৰে বাহাল থাকিব। এনেধৰণৰ বতৰৰ তাৰতম্যৰ পৰা জীৱকূলক সুৰক্ষা দিবলৈ গছ-গছনি ৰোপনৰ সম্পৰ্কত একাংশ প্ৰকৃতিবিদে চ’চিয়েল মেডিয়াৰ যোগে আহ্বান জনাইছে।   

1 Comment
  1. Sanjib Das says

    শুভ প্ৰচেস্টা….

Leave A Reply

Your email address will not be published.