এক লেখত ল’বলগীয়া প্ৰচেষ্টা- মৃতকৰ নামত গছপুলি

0 282

সাধাৰণতে আমাৰ উত্তৰ পূবৰ ভাল খবৰ বিলাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খুব কমেহে সম্প্ৰচাৰিত হয়। কিন্তু বেয়া খবৰবোৰ প্ৰচাৰ হ’বলৈ বেছি সময় নালাগে। ইয়াৰ বিপৰীতে বৰ্হিৰাজ্যৰ ভাল খবৰ অথবা বেয়া খবৰবোৰ আমাৰ সংবাদ মাধ্যমত পলকতে প্ৰকাশিত হয়। তাৰ আলমত নানা সভা সমিতি অনুষ্ঠানত বিষয়টো চৰ্চা হয়।

আজিৰ লেখাত অসমৰ এনে এটা অঞ্চলৰ বিষয়ে জনাব বিচাৰিছো যিটো অঞ্চলৰ লোকসকলে এক ব্যতিক্ৰম ধৰণৰ পৰম্পৰা পালন কৰি আহিছে। নলবাৰীৰ কৈঠালকুছিৰ বাসিন্দাসকলে কোনো ব্যক্তিৰ মৃত্যু হ’ল সৎকাৰ কৰি অহাৰ পিছত গছপুলি ৰোপন কৰাৰ পৰম্পৰা আছে। প্ৰায় ২০ বছৰ ধৰি চলি অহা এই পৰম্পৰাটো চলাই নিয়াত উৎসাহ যোগাইছে ড০ অৱনী ভাগৱতীয়ে। জানিব পৰা মতে অসমৰ বিভিন্ন থলুৱা গছ যেনে আম, কঠাল, কৃষ্ঞচূড়া এই অঞ্চলবাসীয়ে ৰোপন কৰি আহিছে। এই সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী ড০ অৱনী ভাগৱতীয়ে এইদৰে কয়- এই গছ ৰোপনৰ পৰম্পৰাটো বহু বছৰৰ পৰা চলি আহিছে। এই ক্ষেত্ৰত মই উৎসাহে যোগাইছো। নলবাৰীৰ বিভিন্ন স্কুল, কলেজত গৈ প্ৰকৃতি সুৰক্ষা বিষয়ত সজাগতামূলক সভা অনুষ্ঠিত কৰি আহিছো। এটা কথা মন কৰিবচোন বিভিন্ন প্ৰজাতিৰ পখিলা আৰু জোনাকী পৰুৱা অঞ্চল বিশেষে নোহোৱা হৈ গৈছে। সেয়েহে প্ৰকৃতি সুৰক্ষা সম্পৰ্কত নৱ প্ৰজন্মক জ্ঞান দিয়াটো জৰুৰী হৈ পৰিছে। 

আচলতে সৰু সৰু কামে মানুহক আনন্দ প্ৰদান কৰে। এক প্ৰকাৰে চাবলৈ গ’লে দেখাত, শুনাত তেনেই সাধাৰণ কথা যদিও এনেধৰণৰ কৰ্মৰ বাবে হয়তো এদিন সমগ্ৰ বিশ্ববাসীৰ মাজত কৈঠালকুছি বাসী আদৰ্শ হৈ ৰ’ব।


 
 
 
 

সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম
ই-মেইলঃ [email protected]

Leave A Reply

Your email address will not be published.