উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতা সেনানী বঁটা

0 333

দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ হাৰ, নগৰীকৰণৰ প্ৰভাৱে দেশত গুৰুতৰ সমস্যা সৃষ্টি কৰিছে। প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে কৰ্তব্য। দেশে মোক কি দিব, সেইটো জনাৰ মোৰ প্ৰয়োজন নাই। মই দেশক কি দিম সেইটোৱে মূলকথা। উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতা সেনানী বঁটা গ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে এই মন্তব্য কৰে। লগতে তেখেতে কয় যে এপ্ৰিল, মে’, জুন মাহ গছপুলি ৰোপন কৰাৰ বাবে অতি উত্তম সময়। এই সময়খিনিত গছ ৰুলে মৰি নাযায়। বিশেষকৈ বগা চন্দন আৰু ৰঙা চন্দনৰ পুলি ৰোপন কৰিলে বহুত কামত আহে। এই অনুষ্ঠানত উপস্থিত থাকি অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে প্ৰতিটো জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত আমাৰ কৰণীয় আছে।

বড়ো জনজাতিৰ আশা আকাংক্ষা বিধানসভাত আলোচনা কৰা হ’ব। প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে কয় যে কোন কোন অঞ্চলত বগা চন্দন আৰু ৰঙা চন্দন ৰোপন কৰিলে বাচি থাকিব পাৰে। সেই অঞ্চল সমূহ চিনাক্তকৰণ হ’ব লাগে। স্কুল, কলেজৰ প্ৰাংগনত ওখ ওখ গছ লগোৱাতকৈ ফল মূলৰ গছ ৰোপন কৰাটো উপযোগী। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি দীৰ্ঘদিন ধৰি পৰিৱেশৰ হকে কাম কৰি অহা সৌম্যদ্বীপ দত্তই ভাষণ প্ৰসঙ্গত কয় যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ আৰ্থিক সমতা সম নহ’লেও মানসিক সমতা আমি সম কৰি ৰাখিব পাৰো‌। বড়োলেণ্ড পৰ্যটনৰ দিশটো উন্নত কৰা যথেষ্ট থল আছে। এবছু সমতাৰ দ্বাৰাহে শান্তি সংস্থাপিত হ’ব। এই অনুষ্ঠানত এবছুৰ প্ৰমোদ বড়োৱে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন আৰু চিন্তা ধাৰাক মূল্যায়ন কৰি কয় যে মানৱতা আৰু প্ৰকৃতি প্ৰেমে সমাজখনক সুন্দৰ কৰি তোলে। মানৱতাক অপমৃত্যু ঘটাব নালাগে। উল্লেখ্যযোগ্য যে ২০০৪ চনৰ পৰা জাতিৰ জনক উপেন্দ্ৰ নাথ ব্ৰহ্মক স্মৰণ কৰি বিভিন্ন ক্ষেত্ৰত বিশেষ ব্যক্তি সকলক বঁটা প্ৰদান কৰি আহিছে। গুৱাহাটী জিলা পুথিভঁড়ালত অনুষ্ঠিত কৰা অনুষ্ঠানটোত বহুতো গণ্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.