আজি উৰুকা।অসমীয়াৰ অতি হেপাহৰ মাঘ বিহুৰ উৰুকা।এইবাৰৰ মাঘ বিহুৰ ধামখুমীয়া পৰিবেশ নোহোৱা নিচিনা পৰিলক্ষিত হৈছে।কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে মাঘ বিহুৰ উৰুকাৰ উমাল পৰিবেশ কিছু হ’লেও ম্লান হৈছে।পূৰ্বৰ তুলনাত ভেলাঘৰ আৰু মেজিৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাবোৰ ঠাই বিশেষে নোহোৱা হৈছে।অৱশ্যে কিছুমান ঠাইত স্থানীয় শিল্পী সকলে নিজৰ কলা প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছে।কোনো ঠাইত ভেলাঘৰত গামোচা বান্ধি বিধেয়কক প্ৰতিবাদ কৰিছে বুলি জানিব পৰা গৈছে ।উৰুকাৰ লগত অসমীয়া কিছু লোকাচাৰ পৰম্পৰা জৰিত হৈ আছে ।লাগনি গছত তমাল বন্ধা, অথবা চুৰ কৰা পৰম্পৰা আজিও জৰিত হৈ আছে ।কোনোৱে কয় পৰম্পৰা থাকিলেহে জাতি থাকিব, জাতীয় অস্তিত্ব জীয়াই থাকিব, গতিকে বিহুক পাৰ্য্যমানে উদযাপন কৰিব লাগে । শেষত ভোগালী বিহুৰ জুঁইকুৰাই মানুহৰ মনৰ অসূয়া অপ্ৰীতি দূৰ কৰক,সকলোৱে উন্নতি হওক, সফল হওক, তাকে কামনা কৰিলো ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন