মৌগাঁৱৰ মৌপালকৰ কথাৰে

0 294

মৌ পালন কৰি স্বাৱলম্বী হোৱা অসমৰ এখন বিশেষ গাঁও।যি গাঁওখনে ইতিমধ্যে মৌগাঁও হিচাপে স্বীকৃতি লাভ কৰিছে ।জানি সুখী হ’ব যে সেই বিশেষ গাঁৱখনৰ পৰা অৰুণাচল প্ৰদেশলৈ মৌ যোগান হয়।লখিমপুৰ জিলাৰ সান্দহখোৱা গাঁওবাসীয়ে এই বিশেষ কামৰ বাবে প্ৰসিদ্ধ হৈ পৰিছে ।এই মৌপালনৰ গুৰিতে নিতুল ভূঞা নামৰ ব্যক্তিজনৰ প্ৰচেষ্টা অন্যতম ।উল্লেখযোগ্য যে নিতুল ভূঞাই মৌপালনৰ বৃত্তিৰ স্বাৱলম্বী হোৱাৰ পিছতেই সমূহ গাঁওবাসীয়ে এই প্ৰচেষ্টাক আদৰি লয় আৰু বৰ্তমানে গাঁওখনৰ লোকসকলে প্ৰায় ৪০০বাকচত মৌপালন কৰি আছে।জানিব পৰা মতে গাঁওবাসীয়ে ইতিপূৰ্বে দোৰোণ বন, আম, লেচু আৰু তিলৰ খেতিত মৌপালন কৰিছে।প্ৰগতি মৌ পালন গোট নামৰ এটা গোটৰ জৰিয়তে মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰে।স্মতৰ্ব্য যে তেওঁলোকে উৎপাদিত প্ৰতিলিটাৰ মৌৰ মূল্য ৩৬০টকা।যি সময়ত ৰাজ্যখনৰ অধিকাংশ নিবনুৱা ই চাকৰি বিচাৰি হাবাথুৰি খাইছে, সেই সময়ত  সান্দহখোৱা গাঁওবাসীয়ে  মৌপালনেৰে স্বাৱলম্বী হৈ পৰিছে।

Leave A Reply

Your email address will not be published.