আজি পবিত্ৰ ৰাখী বন্ধন

0 348

Rath-Yatra-of-Shree-Chaitanya-Gaudiya-Math

আজি ৰাখীবন্ধন। সমগ্ৰ দেশতে বিভিন্ন ৰীতি নীতিৰে এই দিৱস উদযাপিত হৈছে। ভায়েকে বায়েকক, ভনীয়েকে ককায়েকক মংগল কামনা কৰি আজিৰ এই দিনটোত ৰাখী বান্ধে। এডাল ৰাখী কেৱল সূতাৰে সমষ্টি নহয় ইয়াৰ অন্তনিৰ্হিত হৈ থাকে মৰম, ভালপোৱা চেনেহ আৰু ভাতৃত্ববোধৰ এক এনাজৰী। সেয়েহে ৰাখী বন্ধনক এক পবিত্ৰ উৎসৱ হিচাপে গণ্য কৰা হয়। 

PicsArt_08-07-06.03.3099

বৰ্ত্তমান সময়ত এই উৎসৱ পালনৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। খামখেয়লি, হত্যা, হিংসা বিভেদ পৰিপূৰ্ণ সমাজখনলৈ এনে উৎসৱৰ আগমনে আশাৰ ৰেঙনি কঢ়িয়াই আনে। বিশেষকৈ বৰ্ত্তমান সময়ত গাঢ় ভাবে শিপাই লোৱা অসহিষ্ঞুতা মনোভাৱক প্ৰতিহত কৰা এই উৎসৱে সাৰপানী যোগায়।ৰাখীবন্ধন যদিও অসমীয়া সংস্কৃতিৰ অন্তৰ্গত নহয় ভাৰতীয় সংস্কৃতিৰ মেৰপাকত পৰি লাহে লাহেকৈ আমাৰ অসমতো থিতাপি লোৱা পৰিলক্ষিত হৈছে। যুগৰ বতাহ বা সময়ৰ আহবান আপুনি যি বুলিয়েই নকওক কিয়, কালিৰ ন প্ৰজন্মক হয়তো ৰাখীবন্ধন কি সেইটো আপুনি শিকাব নালাগে! প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দিশ দুয়োটাই থাকে। বিৰ্তকই সম্পৰ্কৰ ফাট মেলাই, উৎসৱে সমান্বয় গঢ়ে। আমি বিচাৰো, সকলোৰে মাজত বন্ধুত্ব, আৰু ভাতৃত্ববোধ বিৰাজমান হৈ থাকক, সকলোকে ৰাখীবন্ধনৰ শুভকামনা জনালোঁ।

Leave A Reply

Your email address will not be published.