ন ৰন্ধন প্ৰণালীৰ সন্ধানত

0 295

আমি প্ৰত্যেকেই কম বেছি পৰিমাণে খাই ভালপাও। আনক খুৱাই ভাল পাওঁ । নানান ধৰণৰ খাদ্য বেলেগ বেলেগ ধৰণে বনাই জিভাৰ জুতি লোৱাটো মজাই সুকীয়া । তেনে কেইবিধমান খাদ্য অলপ বেলেগ ধৰণে প্ৰস্তুত কৰা প্ৰণালী আজি প্ৰকাশ কৰা হ’ল । আগবঢ়ালে সুজাতা পাঠক বৰাই।

মাছৰ কনীৰ বৰৰে বিলাহীৰ টেঙা আঞ্জা

প্ৰণালী

প্ৰথমে মাছৰ কনীখিনি পিয়াজ আদা নহৰু জলকীয়া ধনীয়াপাত আৰু নিমখ হালধী দি মিক্সীত পিছি ল;ব।  তাৰপিছত মিঠাতেল গৰম কৰি বৰ ভাজি ল’ব । চাৰি বা পাছটা বিলাহী মিক্সীত দি পেষ্ট বনাই ল’ব । কেৰাহীত অলপ মিঠাতেল গৰম কৰি তাতে মিঠি আৰু সৰিয়হ ফুটাই লৈ বিলাহী হালধী আৰু সোৱাদ অনুসৰি নিমখ দি উতলিব দিব । একাপ পানী দিব। ভালকৈ উতলিলে বৰ কেইটা দিব । অলপ দেৰি উতলাই নমাই থব ।

received_1299249343476178

তিল আৰু ধনীয়া পেষ্ট দি বনোৱা কুকুৰা তৰকাৰী

প্ৰণালী এইবাৰে সহজ ।  মাংসখিনি হালধী নিমখ সানি ল’ব। কেৰাহিত তেল গৰম কৰি পিয়াজ অলপ সৰহকৈ ভাজি তাতে মাংসখিনি দি দিব। মাংসখিনি আধাভজা হয় মানে মিক্সীত তিল, ধনীয়া, নহৰু, জলকীয়া, মিহলি কৰি পেষ্ট বনাই লওক। মাংস আধাভজা হলে তাতে তিল ধনীয়াৰ পেষ্টখিনি দি ভালকৈ লৰায় দি সিজিব দিব। ভালকৈ ভজা হ’লে যদি বিচাৰে পানী দিব একাপমান , নহলে তেনেকৈয়ে পৰিৱেশন কৰিব পাৰিব |

received_1299251883475924

বেঙেনা আৰু আলুৰে সৈতে মাছৰ পেটু ভাজি

বেঙেনা আৰু আলুখিনি সৰু সৰুকৈ কাটি লৈ হালধী নিমখ দি মিঠাতেলত আধাভজা কৰি ল’ব। তাৰপিছত সেইখিনি তেলৰ পৰা উঠাই একাষৰীকৈ থৈ সেই তেলতে পিয়াজ এটা মিহিকৈ কুটা আৰু সৰহকৈ আদা নহৰু পেষ্ট আৰু জলকীয়া ভাজি ল’ব। ভজা হলে তাতে মাছৰ পেটুখিনি দি ভালকৈ লৰাই থাকিব। অলপ নিমখ দিব। পেটুখিনি ভজা হলে তাতে আধাভজাকৈ ৰখা বেঙেনা আলুখিনি দিব দিব। গোটেই খিনি একেলগে ভাজি হেতা খনেৰে হেচি গুৰি কৰি দিব। ওপৰত তেল বিৰিঙিলে নমাই থব।

received_1299252650142514

received_1264635963604183
সুজাতা পাঠক বৰা
Leave A Reply

Your email address will not be published.