বিবিধ ৰন্ধনৰ জুতি

0 273

পুজা বুলিলে এক আনন্দৰ উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। সেই পৰিবেশত বিভিন্ন আলহী, অতিথি আপোনাৰ ঘৰলৈ সমাগম হয়।  আপোনাৰ ঘৰলৈ অহা বিভিন্ন অতিথিক আপ্যায়নৰ অৰ্থে ঘৰতে সহজতে প্ৰস্তুত কৰিব পৰা কেইবিধমান ৰেচিপি NE Focus ত প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

  কনী আৰু গাখীৰৰ পুদিং … (Custard )

   কোনড গাকহডৰ চুসতাৰদ

কনী আৰু গাখীৰৰ পুদিং … (Custard ) ধুনীয়াকৈ কেনেকৈ সজাব পাৰি ! এক লিটাৰ গাখীৰত ছয়টা কনী আৰু দেৰ কাপ চেনী খুব ভালকৈ ফেটি ল’ব। চেনি গলি যোৱালৈ ফিটি লৈ মিক্সাৰ খিনিত ভেনিলা এচেন্স আৰু যিকোনো আপোনাৰ পচন্দৰ ফুদ কালাৰ দি ভালকৈ মিক্স কৰি লওক । এতিয়া কুকাৰত এক ইন্সী পানী দি কুকাৰৰ টিফিন বা যিকোনো স্টীলৰ টিফিনত গাখীৰ কনীৰ মিক্সাৰ খিনী ঢালী বাছনটো কুকাৰত ভৰাই কুকাৰৰ ঢাকোন মাৰি এটা চিটি মৰাই নমাই থব । কুকাৰ খুলিব পৰা হ’লে নিজৰ ইচ্ছানুযাই সজাই ফ্ৰীজত দুঘণ্টা মানৰ বাবে থব। ঠাণ্ডা হলে পৰিৱেশন কৰক । সুন্দৰকৈ গ্লাচৰ বাচনত Mixed jam খিনি চামোচেৰে সমানকৈ পাৰি তাৰ ওপৰত কমলাখিনি সজায় ল’ব। পুদিংখিনি কুকাৰৰ পৰা উলিয়াই অলপ ঠাণ্ডা কৰি হেন্দ ব্লেন্দাৰেৰে অলপ মিহি কৰি বাচনটোত ঢালি দিব সমানকৈকৰি( blender দি মিহি নকৰিলে চটা চটাকৈ পৰিব )। তাৰ ওপৰত ডালিমগুটি এপ্ৰিকত আদি সজাই ওপৰত চামোচেৰে মিল্কমেইদ দি ফ্ৰীজত থৈ দিব দুঘণ্টামানৰ বাবে …। তাৰ পিছত পৰিবেশন কৰিব পাৰে।

মগু দাইলৰ হালৱা

Mooong Dasl Halwa

মই গাৰ্ণিচিঙৰ বাবে কাজু আৰু আলমণ্ড অলপ গুৰি কৰি লৈছো আৰু কেশৰ অলপ গাখীৰত গুলি দিয়াৰ লগতে সজাব ব্যৱহাৰ কৰিছো … মগু ডাইলখিনি শুকানকৈ ভাজি গুৰি কি ল’ব । চাব যাতে একদম মিহি হয় । তাৰপিছত কেৰাহীত ঘী গৰম কৰি ইলাচি আৰু তেজপাত দি মগু ডাইলখিনি ভাজিব । ভাজি ৰং হালধীয়া হ’লে তাতে দুকাপ গাখীৰ আৰু মিঠা হোৱাকৈ চেনি দিব । অধিক সোৱাদ আৰু ৰঙৰ বাবে কেশৰ মিলাব । যেতিয়া গাখীৰ শুকাই তেল তেল হ’ব তেতিয়া নমাই থব । ওপৰে ওপৰে কাজু পিষ্টা আদি দি সজাই পৰিৱেশন কৰিব ।

চেৱাইৰ মালপোৱা

Malpua

 ঘৰত সাধাৰণতে চেৱাই থাকেই আমাৰ প্ৰায়বোৰৰে । চেৱাইখিনি কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবছোন । মই মাজে মাজে চেৱাই আৰু কৰ্ণফ্লাৰ আৰু আটাৰে মালপোৱা বনাওঁ । অলপ সাৱধানে বনাব লাগে যাতে ভাঙি নাযায় । মিহিকৈ ভজা চেৱাইবিধ বজাৰত পাই মই সেইবিধেদি বনাওঁ । এটা পাত্ৰত আন্দাজমতে কৰ্ণফ্লাৰ আৰু আটা মিলাই লৈ এচিকুট নিমখ এচিকুট চ’দা দি থুপথুপীয়া হোৱাকৈ পানীত গুলি ল’ব । তাৰপিছত অলপ চেৱাই হাতেৰে ভাঙি লৈ কৰ্ণফ্লাৰৰ মিক্সাৰখিনিত দুবাই লাহেকৈ দুইটা ফালত লগাই গৰম তেলত ভাজিব । ভাজোতে বেছি দেৰি নালাগে পতকৈ হয় কাৰণ বেটাৰখিনি পাতল হয় আৰু চেৱাই আগতে ভজাই থাকে । তাৰপিছত এটা পাত্ৰত চুগাৰ চিৰাপ বনাই ভজা মালপোৱাতো দুবাই থব অলপ দেৰি । পাচ মিনিট থৈ উঠাই দিব । খুব ভাল লাগে খাই । মচমচীয়া হয় । গৰমে গৰমে ভাজি চাহৰ সৈতে আলহীক খুৱাব ভাল ।

Leave A Reply

Your email address will not be published.