শিশুদিৱস আৰু মোৰ অনুভৱ

0 400

আজি ১৪ নবেম্বৰ । পণ্ডিত নেহৰু জন্ম দিন। সমগ্ৰ দেশে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰে। নেহৰুৱে শিশু সকলক ভাল পাইছিল। আচলতে আমি সকলোৱে শিশু সকলক ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে আৰু শিশুসকলৰ আধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি সজাগ, সচেতন হ’ব লাগে। বহু সময়ত আধিকাৰ আৰু সুৰক্ষাৰ খৰ্ব হোৱা দেখা যায়। আজিও বহু ফুলকুমলীয়া শিশুক হোটেল, ইটা ভাটা, ফ্লেট সমূহত কাৰোবাৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। ই আমাৰ বাবে অতি পৰিতাপৰ কথা । আজি শিশু কালিলৈ দেশৰ ধৰণী। গতিকে শিশুসকলৰ শৈশৱটো যাতে পংগু নহয় তাৰ বাবে আমি সকলোৱে সচেষ্ট থকা উচিত । নেহৰু ক শ্ৰদ্ধা জনাই শিশু দিবস পালনৰ প্ৰাসংগিতা তেতিয়াহে হ’ব, যেতিয়া সকলো দিশ সুকলমে কাৰ্য্যকৰী হ’ব। পুনৰ সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাইছো।Happy-Childrens-Day-Photos 

Leave A Reply

Your email address will not be published.