সম্পাদনাৰ মেজৰ পৰা

1 271

এটা সপোন আৰু এবুকু আশাৰ পম খেদি লিখিব বিচাৰিছিলো, মনত সঞ্চিত হৈ থকা বহু কথা। স্বাধীনকামী সত্বাই সেয়েহে বিচাৰি লৈছিল এটা বিশেষ তাৰিখ। তাৰিখটো হ’ল ১৫ আগষ্ট। ১৫ আগষ্ট আপোনাৰ, মোৰ বাবে আজি কিয় বিশেষ নক’লেও হ’ব। এই বিশেষ তাৰিখটোতেই জন্ম লভিছিল অসমীয়া ভাষাত প্ৰকাশিত কেৱল ইতিবাচক খবৰৰ প্ৰথমটো নিউজ পৰ্টেল nefocus.com য়ে।

জনা নজনাকৈয়ে আগুৱাই লৈ যোৱাৰ বাবে কৰিছিলো এক প্ৰয়াস। এই প্ৰয়াসে আজি nefocus.com ক এবছৰীয়া কৰিলে।

IMG-20170815-WA0021 - Copy

অসম তথা উত্তৰ পূবৰ সৰ্বাংগীন বিকাশৰ অৰ্থে গঠন কৰা হৈছিল nefocus.com ক। সদায় চেষ্টা কৰিছিলো ইতিবাচক খবৰ, তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ বাবে… সমান্তৰালকে প্ৰয়াস কৰিছিলো, প্ৰতিভাধৰ সকলক এখন মঞ্চ দিবৰ বাবে। যাৰ আপাহত ৩৬৫ দিনত প্ৰকাশ কৰা হ’ল বিভিন্ন গঠনৰ গঠনাত্মক খবৰ। আমি পালো ২ লাখ ৫০ হাজাৰৰো অধিক ভিজিটৰ সহাঁৰি। সেয়েহে পুনৰ উদ্যমেৰে আগুৱাব বিচাৰিছো।

কেনে আছিল আমাৰ যাত্ৰা

আমাৰ যাত্ৰা একেবাৰে মসৃণ নাছিল। যাত্ৰাপথত বহুতো ঘাট প্ৰতিঘাটে আগুৰি ধৰিছিল। কিন্তু সংকল্প আছিল এটাই nefocus.com ক নৰূপেৰে সমাজত প্ৰতিষ্ঠা কৰা। প্ৰতিটো দিনত, প্ৰতিটো মূহুৰ্ত্বত চলাই গৈছিলো জীৱন যুঁজৰ এক সংগ্ৰাম।

শুভাকাংক্ষীৰ মৰম সহাঁৰিয়ে দিছিল যুঁজাৰ বাবে কিছু প্ৰেৰণা।

আজিৰ অনুভৱ

nefocus.com আজি এবছৰ সম্পূৰ্ণ কৰিলে। বহু সময় আছে পূৰ্ণ পৰ্য্যায়ত পাবলৈ। Nefocus.com ৰ এই প্ৰচেষ্টাক আগবঢ়াই নিবলৈ লাগিব আপোনাৰ এধানি সহাঁৰি।

nefocus.com ত প্ৰকাশিত কোনো পোষ্ট যদি আপোনাৰ ভাল লাগে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ এই সহাঁৰিয়ে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাব।

এইচেগতে Nefocus.com ৰ লগত জৰিত প্ৰত্যেকজন সাংবাদিক, লেখক তথা শুভাংকাক্ষীক জনাইছো বহু শুভকামনা। অনাগত দিনটো যাতে দিহা পৰামৰ্শ দি আগবঢ়াই নিয়াত সহায় কৰে, তাকে কামনা কৰিলো

1 Comment
  1. Uttam kumar Barman says

    দীৰ্ঘায়ু হওঁক nefocus

Your email address will not be published.