স্বাধীনতা দিৱসৰ কিছু চিন্তন

0 348

পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। যি সকল দেশপ্ৰেমিক বীৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত আমি পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হ’লো সেই সকল বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰিছো। ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত অৰ্থনীতি, ৰাজনীতিৰ সকলো ক্ষেত্ৰতে উন্নয়ন হ’ল সঁচা কিন্তু দেশৰ আইন ব্যৱস্থা, ন্যায় ব্যৱস্থা ক’ৰবাত নহয় ক’ৰবাত শিথিল হৈয়ে ৰ’ল। যাৰ বাবে ন্যায়ৰ বাবে বহুজনে হা হুমুনিয়া কাঢ়ি দিন কটোৱা পৰিলক্ষিত হয়। স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। সেয়েহে মই ভাবো প্ৰত্যেক ব্যক্তিয়ে সম অধিকাৰ ভোগ কৰা উচিত। আজি দৰিদ্ৰজনৰ বাবে যি আইন, সমাজৰ সৱল জনৰ বাবে সেই আইন হোৱাটো প্ৰয়োজনীয়। তেহে গণতান্ত্ৰিক ব্যৱস্থা প্ৰতি ৰাইজৰ আস্থা, বিশ্বাস থাকিব।  যেতিয়া সকলোৱে সম ভাৱে আইনৰ সুফল গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

তেতিয়াহে গণতান্ত্ৰিক ব্যৱস্থা প্ৰকৃত ভাৱে কাৰ্য্য হৈছে বুলি ক’ব পৰা যায়।  ইতিহাসৰ পাত যদি লুটিয়াই চাও দেখিাম যে বহুজনে ত্যাগৰ বিনিময়তেহে আজি এই অৱস্থাত উন্নীত হ’বলৈ সক্ষম হ’লো। এলেহুৱা আৰু উদাৰতাই আমাক আগৰ পয্যাৰ্য়ত নিয়াৰ বাবে চেষ্টা চলাইছে। এই ক্ষেত্ৰত আমি সতেষ্ট হোৱা উচিত। কিয়নো দেশ থাকিলেহে ভাষা থাকিব, জাতি থাকিব আৰু মাটি থাকিব।  প্ৰিয় পাঠক, আজিৰ দিনটোত মনত খু দোৱাই থকা কিছু কথা লেখাৰ জৰিয়তে প্ৰকাশ কৰিলো। পুনৰ বাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.