স্বাধীনতা দিৱস উদযাপন

0 275

আজি ৭২ তম স্বাধীনতা দিৱস। সেই উপলক্ষে সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপিত হৈছে। মহানগৰী গুৱাহাটীৰ ৰাজপথত অসংখ্য লোক স্বাধীনতা দিৱস উদযাপনৰ বাবে ওলাই অহা পৰিলক্ষিত হয়। হাতে হাতে পতাকা লৈ অসংখ্য লোক ৰাজপথত শোভাযাত্ৰাত অংশ লয়। আনহাতে খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে স্বাধীনতা সংগ্ৰামত আত্ম বলিদান দিয়া বীৰ শ্বহীদক গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

লগতে চৰকাৰৰ কাম কাজৰ খতিয়ান দাঙি ধৰি কয় যে দূৰ্নীতি নিৰ্মূল কৰা বাবে চৰকাৰে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে। দূৰ্নীতি অভিযোগত ৫২ গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছে। খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ভূমি নীতি প্ৰস্তুত কৰাৰ কথা মন্তব্য কৰে। প্ৰদূষণমুক্ত ৰাজ্য গঢ়ি তোলাৰ বাবে ৪ কোটি ৫০ লাখ গছপুলি ৰোপন কৰাৰ কথা জানিবলৈ দিয়ে। বজালী নগৰক নিম নগৰী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক শলাগ লয়। ডিব্ৰুগড়ৰ চাবুৱাত ক্ৰীড়া বিশ্ব বিদ্যালয় আৰু মাজুলীত সাংস্কৃতিক বিশ্ব বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.