ৰাখীবন্ধনৰ বিশেষ লেখা ….

2 778

 Rakhi10_AP
 
 
ৰাখী কেৱল এডাল ৰচি নহয়। ই হ’ল প্ৰেম, ভাতৃত্ববোধ সংমিশ্ৰিত এক প্ৰতীক। কথাষাৰ তাৎপৰ্য্য আছে। সেইবাবেই ৰাখী বন্ধনৰ দিনে দিনে জনপ্ৰিয়তা বাঢ়িছে। বিশেষকৈ বৰ্ত্তমান সময়ত ৰাখী বন্ধনৰ বহুত প্ৰাসংগিকতা আছে। কিয়নো দিনে দিনে বৃদ্ধি হোৱা নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰাত প্ৰভুত বৰঙণি আছে। এই ক্ষেত্ৰত জেষ্ঠ্য সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্ত্তীৰ ভাষাত ক’বলৈ হ’লে “পাশৱিকতা মনোবৃত্তি পৰিহাৰ কৰি মানৱত্ব অনুভূতি জাগ্ৰত কৰাত ৰাখী বন্ধনৰ বহু অৱদান আছে” ।
Rakhi-Festival-Wallpaper
 
 
সাধাৰণতে ৰাখী বন্ধন উদযাপিত হয় শাওন মাহত । ধৰ্মীয় পৰম্পৰা অনুসৰি অতীজৰে পৰা ৰাখী বন্ধন উদযাপিত হৈ আহিছে, যদিও আমাৰ অসমীয়া সমাজত আজি কিছু বছৰৰ পৰাহে উদযাপিত হোৱা দেখা গৈছে । এই ক্ষেত্ৰত বহু বিৰ্তক থাকিলেও, ক’ব পাৰি যে আমাৰ অসমীয়া সমাজৰ যি দৰে বল’ বোম , ভেলেণ্টাইন ডে’ৰ সমাদৰ বাঢ়িল বৰ্ত্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাখী বন্ধন পালনত বোধকৰো দ্বিমত বা আপত্তি থাকিব নালাগে ! যুগৰ পৰিবৰ্ত্তনৰ লগতে সকলো সংস্কৃতি ভাৰতীয়কৰণৰ এক জোৱাৰ উঠিছে। সেই জোৱাৰতে ৰাখী বন্ধন আমাৰ অসমত উদযাপন হোৱা এক প্ৰক্ৰিয়াৰ আৰম্ভ হৈছে ।
 
rakhi-shopping
ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যায় যে অতীজৰ ৰজা-মহাৰজা দিনৰ পৰা এই পৰম্পৰা চলি আহিছে। প্ৰাপ্ত তথ্য মতে ৰাখী বন্ধন ৭০ দশকৰ পৰা লাহে লাহে আমাৰ সংস্কৃতিৰ অন্তৰ্গত হ’ব ধৰিছে। সাধাৰণতে ভনীয়েকে ককায়েকক , বায়েকে ভায়েকক মংগল অথবা কল্যাণ কামনা কৰি ৰাখী পিন্ধায়। আনহাতে ককায়েক অথবা ভায়েকে, বায়েকে কিম্বা ভনীয়েকৰ প্ৰতিদিন, প্ৰতি ক্ষণৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাখী পিন্ধাজনে উপহাৰ দিয়ে। সেয়েহে কোৱা হয় ৰাখী বন্ধন উৎসৱ প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ । সদৌশেষত সমুহ পাঠকলৈ NE FOCUS ফালৰ পৰা ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছো। আশা কৰিছো, এই উৎসৱে শান্তি, প্ৰেম, একতা, ভাতৃত্ববোধ গঢ়ি তোলক।

2 Comments
  1. Madhab Das. says

    Nice. Happy Rakhsabandhan

  2. Rain Dutta says

    Happy rakesabandhand. .

Leave A Reply

Your email address will not be published.