শিক্ষান্ত পৰীক্ষাৰ ৩ কৃতিমান আৰু শিক্ষামন্ত্ৰীৰ মনৰ খবৰে

0 319

আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ ঘোষিত হোৱা শিক্ষান্ত পৰীক্ষাত ৫৬.৪%উত্তীৰ্ণ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ে শীৰ্ষ ১০টা স্থান দখল কৰিবলৈ সক্ষম হ’ল। আজি আমি যোগাযোগ কৰিছিলো, প্ৰথম তিনিটা স্থান লাভ কৰা তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত আৰু জানিব বিচাৰিছিলো তেওঁলোকৰ মনৰ খবৰ। আহকচোন জানো ৩ কৃতিমানে কি ক’লে Nefocus.comক।


 

অসমৰ ভিতৰত প্ৰথম স্থানেৰে জিলিকি উঠিল শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূ়্ঞা। সৰ্বমুঠ ৫৯৩ নম্বৰেৰে ৰক্তিমে সমগ্ৰ তেজপুৰলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিলে। আৰ্থিক ভাবে সিমান সবল নোহোৱা ৰক্তিমে প্ৰমান কৰি দেখুৱালে যে সফলতাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। দৈনিক ৭ -৮ ঘণ্টাকৈ অধ্যয়ন কৰা ৰক্তিমে ভৱিষ্যতে মেকানিকেল ইঞ্জিনিয়াৰ হোৱাৰ সপোন পুঁহি ৰাখিছে। জানিব পৰা মতে তেওঁ অহা ২৮মে’ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব।

আনহাতে দ্বিতীয় স্থানেৰে উজলি উঠা আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই এনেদৰে কয় .. কোনো এটা বিষয় খৰচি মাৰি বুজি নোপোৱাকে এৰি দিয়া নাছিলো। পঢ়াৰ বাবে নিৰ্দিষ্ট ৰুটিন নাছিল যদিও টেষ্ট পৰীক্ষাৰ পিছত ১২-১৩ ঘণ্টাকৈ অধ্যয়ন কৰিছিলো। ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য আছে।

আনহাতে তৃতীয় স্থান লাভ কৰিছে তিনি গৰাকীয়ে। তাৰ ভিতৰত বক্সাৰ জিলাৰ চেইণ্ট জনচ হাইস্কুলৰ জিণ্টী দেৱী অন্যতম। তেওঁ লাভ কৰিছে ৫৯১ নম্বৰ। অধ্যয়নৰ লগতে ক্ৰীড়াৰ ‌ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা জিণ্টী দেৱীৰ মতে জ্ঞানতে সৰ্বোচ্চ শক্তি অন্তৰ্নিহিত হৈ থাকে। আমি সকলোৱে জ্ঞান অন্বেষণৰ কাৰণে প্ৰচেষ্টা চলোৱা উচিত।জানিব পৰা মতে জিণ্টীয়ে কটনত অধ্যয়নৰ পৰিকল্পনা কৰিছে।

এয়া আছিল ৩ কৃতিমানৰ মনৰ খবৰ। যিসকলে উৰ্ত্তীণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে সেই সকলক এই চেগতে অভিনন্দন জনাইছো।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক সংবাদ মেল আয়োজন কৰে। জনতা ভৱনত আয়োজন কৰা সংবাদ মেলত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান শিক্ষাৰ গুণগত মান উন্নত হৈছে। জিলা ভিত্তিক বৈষম্য নোহোৱা হৈছে। শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ইয়াকে প্ৰমাণ কৰিছে।পুনৰীক্ষণৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব। এইবাৰ ছাত্ৰীৰ তুলনাত ছাত্ৰৰ অগ্ৰগতি সৰ্বাধিক। গুণোৎসৱ হাইস্কুলৰ পৰ্য্যায়তো অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.