উদ্যমী সকলৰ অন্যতম মঞ্চ

0 290

WhatsApp Image 2018-03-04 at 1.38.53 PM

দেশৰ প্ৰগতি লগত মহিলা সকলৰ সমউন্নয়ন অত্যন্ত জৰুৰী। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এতিয়াও মহিলা সকলে যিভাৱে  সমাজত গুৰুত্ব পাব লাগিছিল, সেই হিচাপে গুৰুত্ব পোৱা নাই। জানি সুখী হ’ব যে মণিপুৰৰ “ইমা মাৰ্কেট” মহিলাৰ দ্বাৰা পৰিচালিত। প্ৰায় ৬০০০ গৰাকী মহিলা “ইমা মাৰ্কেটৰ” লগত জৰিত হৈ আছে। মই মণিপুৰৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দিব বিচাৰো। কৃষি, উদ্যান শস্যৰ লগতে ফুলৰ ব্যৱসায় মণিপুৰৰ  অন্যতম ব্যৱসায়  হিচাপে গঢ় লৈ উঠিছে। ফল মূলৰ ভিতৰত অনাৰসৰ খেতি মণিপুৰত যথেষ্ট পৰিমাণে হয়।

WhatsApp Image 2018-03-04 at 1.37.51 PM

এই মন্তব্য মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ। আজি শিল্পগ্ৰামত Emerging North East শীৰ্ষক এখন মেলা শুভ উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে এই মন্তব্য কৰে। ভাৰত চৰকাৰৰ অধীনস্থ চেম্বাৰ অৱ কমাৰ্চ  আৰু ইণ্ডাষ্ট্ৰি বিভাগে আয়োজন কৰা মেলাৰ দ্বাৰ মুকলি কৰি আয়োজক ডি এছ ৰাৱাটে কয় যে ASSOCHAM য়ে উত্তৰ পূবৰ উদ্যমী সকলক আগবঢ়াই নিয়াৰ বাবে এনে  পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ বাঁহ উদ্যোগক আগবঢ়াই নিবলৈ এক প্ৰচেষ্টা চলোৱা হৈছে।

WhatsApp Image 2018-03-04 at 1.37.20 PM

আনহাতে এই অনুষ্ঠানত সাংসদ বিজয়া চক্ৰৱৰ্তী উপস্থিত থাকি কয় যে এক্ট ইষ্ট পলিচিক কাৰ্য্যকৰী কৰিবলৈ চৰকাৰে প্ৰয়াস কৰিছে। কিন্তু মই ভাবো দক্ষ শ্ৰমিক সৃষ্টিৰ জৰিয়তে সকলো সম্ভৱপৰ হৈ উঠিব। উল্লেখযোগ্য যে মহানগৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা এই মেলাখনত ১০০ ৰো অধিক বিপনীয়ে অংশ গ্ৰহণ কৰিছে। এই মেলাখন ৬ মাৰ্চ লৈকে চলিব। মেলাৰ সমান্তৰালকে উদ্যমী সকলক এখন মঞ্চ দিবলৈ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰা দেখা গৈছে।

Leave A Reply

Your email address will not be published.