ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাসৰ সমুজ্জ্বল চানেকি স্বৰূপ ১৮৭২ চনতে ঢকুৱাখনা সদৰত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ডেৰশ বছৰত উপনীত হোৱাৰ সময় সমাগত। অহা ২০২২ বৰ্ষত শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠাৰ ডেৰশ বছৰত ভৰি দিয়াৰ প্ৰাকক্ষণত সোণসেৰীয়া অতীতৰ বৰ্ষ জোৰা ৰোমন্থনৰ লক্ষ্যৰে অলপতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । গৰিষ্ঠ সংখ্যক নাগৰিক , প্ৰাক্তন ছাত্ৰ , অভিভাৱক আৰু শুভাকাংক্ষীৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে আহ্বায়ক সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিক্ষানুৰাগী ৰাইজে ৰাজ্য চৰকাৰৰ লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী,তথা শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণ আৰু বিধায়ক নব কুমাৰ দলেক পৃষ্ঠপোষক, শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুক সভাপতি,সেৱক চুতীয়াক কাৰ্যকৰী সভাপতি , পূৰ্ণানন্দ গগৈ , পূস্পা গগৈ, কেশব গগৈ, ডিম্বেশ্বৰ চাংমাইক উপ সভাপতি, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচক সাধাৰণ সম্পাদিকা, সহকাৰী শিক্ষক নৰেন শইকীয়া , কামাখ্যা শইকীয়া আৰু শুভ দাসক সহকাৰী সাধাৰণ সম্পাদক , ভাস্কৰ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩১ জনীয়া কাৰ্যকৰী সমিতি সৰ্বসন্মতভাৱে গঠন কৰা হয় । লগতে প্ৰয়োজনীয়তা অনুসৰি এই সমিতিয়ে আৰু সক্ৰিয় সদস্য সংযোজন কৰিব পাৰিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু পৰবৰ্তী সময়ত উদযাপন সমিতিখনে বিভিন্ন উপ সমিতি সমূহ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় । ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমানৰ প্ৰতীক স্বৰূপ বিদ্যালয়খনৰ আগত ডেৰশ বছৰীয়া জয়ন্তী সফল উদযাপনৰ বাবে নবগঠিত উদযাপন সমিতিখনৰ হৈ সম্পাদক ,প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা।,দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls