ন ধাৰণাৰে উদ্ভাষিত এগৰাকী উদ্যমীৰ কথাৰে

0 278

সামাজিক গাঠনিৰ পৰিসৰ নিৰ্মাণ নোহোৱাকে উদ্যমী এজনে সংগ্ৰাম কৰাটো খুবেই কষ্টকৰ। আচলতে একো একোজন উদ্যমীয়ে পৰীক্ষণমূলক ভাৱে সমাজত অগ্ৰসৰ হয়। কামত চেলেঞ্জ থাকে। এই মন্তব্য জবা বৰগোহাঁইৰ।  অসমৰ উদ্যমিতা ক্ষেত্ৰখনত জবা বৰগোহাঁইৰ এক সুকীয়া পৰিচয় আছে। কিয়নো নিচেই কম বয়সতে বিভিন্ন ক্ষেত্ৰত আপুনি, আমি কৰিব নোৱাৰা বহু কাম জবাই কৰিছে। ডিব্ৰুগড় চিৰিং চাপৰিৰ জবা বৰগোহাঁয়ে বাংগালোৰত বিজনেছ মেনেজমেণ্ট পঢ়ি থকা সময়ৰ পৰা ষ্টাট আপ কৰিছে। ইয়াৰ পিছত টাই আহোমৰ কলা সংস্কৃতি সংৰক্ষণৰ বাবে কাম কৰিছে। শেহতীয়াকৈ কৃষক সকলৰ ওচৰত গৈ অৰ্গেনিক খেতি কি অৰ্গেনিক খেতিৰ গুণাগুণৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে। জবাৰ ভাষাত ক’বলৈ হ’লে এই ক্ষেত্ৰত যথেষ্ট সফল হৈছো। আমাৰ কৃষক সকলৰ পূৰ্বৰ কৃষি পদ্ধতি আৰু চিন্তা চৰ্চা সলনি হৈছে। উজনি অসমৰ প্ৰায়কেইখন জিলাত গৈ কাম কৰিছো। 

শেহতীয়াকে মহানগৰীৰ মানিক নগৰত আৰম্ভ কৰা বহ’ ৰুট্ছ কাফেৰ জৰিয়তে দেশৰ লগতে প্ৰবাসী গ্ৰাহক সকলৰ সমাদৰ লাভ কৰিছে। উল্লেখযোগ্য যে এই বিশেষ কাফে খনত খাদ্যৰ লগতে গঠনমূলক ধাৰণা আদান প্ৰদানৰ সুবিধা আছে। অৱশ্যে কাফেখনৰ লগত জবাৰ ৫ জন বন্ধুও জৰিত হৈ আছে। সামাজিক ক্ষেত্ৰত নতুন ধাৰণালৈ কাম কৰা জবা বৰগোহাঁই আগুৱাই যাওক,  তাকে শুভ কামনা জনালো।

Leave A Reply

Your email address will not be published.