অভাৱেই আৱিস্কাৰৰ মূল।এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰি দেখুৱালে বঙাইগাৱৰ আগৰৱালা পাইপ লাইনৰ সমীপৰ এজন কিশোৰে ।অমন বৰৈ নামৰ কিশোৰ জনে নিজস্ব চিন্তাৰে বেটাৰী চালিত চাইকেল সাজি উলিয়াইছে।উল্লেখযোগ্য যে তেওঁ অধ্যয়ন কৰা শিক্ষাপ্ৰতিষ্ঠান খনলৈ অহা যোৱা কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল যাৰ ফলশ্ৰুতিত বেটাৰী চালিত চাইকেল নিৰ্মাণ কৰে।জানিব পৰা মতে চাইকেলখন ৪ঘণ্টা চাৰ্জ দিলে ৩৫কিলো মিটাৰ অনায়াসে অতিক্ৰম কৰিব পাৰে।ইতিপূৰ্বেও অমনে হেলমেট, পাম্প, দ্ৰোণ আদিবোৰ সাজি উলিয়াইছিল ।কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ এটাৰ পিছত এটাকৈ সামগ্ৰী সাজি উলিওৱাক অমন হাজাৰজনৰ আদৰ্শ হৈ পৰিছে ।বিশেষ কৃতজ্ঞতা -বিকাশ কলিতা
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল