ম’বাইল দোকান, ৰেষ্টুৰেণ্টৰ আঁৰৰ ব্যক্তিজন

0 242

কোনো এটা কামত সফলতাৰে আগবাঢ়িবলে হ’লে মানসিক সবলতাৰ লগতে কৰ্ম কৌশল, কৰ্ম নিপুণতা অতিকে প্ৰয়োজন। বহু ক্ষেত্ৰত দেখা যায় কৰ্ম কৌশল নথকাৰ পৰিপ্ৰেক্ষিতত বহুতৰ ব্যৱসায় কিম্বা কৰ্ম ফ্লপ হয়। আচলতে কৰ্ম কৌশল আয়ত্ব কৰিবলৈ বিদেশলৈ যোৱাৰ প্ৰয়োজন থাককেই বা নাথাকক এটা কথা ঠিক যে আমাৰ চৌপাশত থকা সৰু সৰু বহু বস্তুৰ পৰা ল’ব পাৰো অনেক শিক্ষা। আজিৰ উদ্যমী শিতানত এনে এগৰাকী ব্যক্তিৰ কাহিনী আনিছো, যি গৰাকীয়ে নিজৰ কৌশল আৰু বজাৰৰ সমীক্ষা চলাই আৰম্ভ কৰিছে ম’বাইল দোকান কিম্বা ৰেষ্টুৰেণ্টৰ নিৰ্মাণৰ ব্যৱসায়। আহকচোন তেখেতৰ লগত পৰিচয় হও।

2

তেখেত গিতানভ ওজা। ঘৰ মহানগৰীৰ গনেশগুৰিত। পঢ়া শুনাৰ ক্ষেত্ৰত অত্যন্ত মেধাৱী ওজাই AIEEE পাছ কৰি NIT কেৰেলাত চাকৰি কৰিছিল। এনেদৰে ৰাজ্যৰ বাহিৰত প্ৰায় ৪ বছৰ চাকৰি কৰাৰ পিছত নিজাকৈ কিবা এটা কৰাৰ মানসেৰে প্ৰথমে MOBILE BURGER SHOP উলিয়ালে। ইয়াৰ পিছত বজাৰ সমীক্ষা কৰি আৰু গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি Vanateeg Marketing Pvt. Ltd. আৰম্ভ কৰে। 

3

এই সম্পৰ্কে গিতানভ ওজাই NE Focus ক এনেদৰে জনায়- ভ্ৰাম্য বাৰ্ৰগাৰ চ’পক জনসাধাৰণে আদৰি লোৱাত ফুলৰ, দোকান ফলৰ দোকান আৰু শেহতীয়াকৈ ম’বাইল কিটচেন নিৰ্মাণ কৰো। আমাৰ ৪ জন কৰ্মচাৰী আছে। এই ৪ জনক নিজাকৈ প্ৰশিক্ষণ প্ৰদান কৰি কামৰ বাবে যোগ্য কৰি তুলিছো। স্মৰ্তব্য যে এই ক্ষেত্ৰত বাহিৰত কৰা চাকৰিৰ কৰ্ম অভিজ্ঞতাই মোক যথেষ্ট সহায় কৰিছে। ১৪,০০০ টকা পৰা ৩ লাখ টকাৰ পৰ্যন্ত টকাত আমাৰ গাড়ী সমূহ উপলব্ধ। কোনো গ্ৰাহকে ঘৰৰ ভাড়া তথা ৰুমৰ ভাড়াৰ অবিহনে ভ্ৰাম্য ফল, ফুল অথবা ৰেষ্টুৰেণ্টৰ গাড়ী ক্ৰয় কৰিব পাৰে। এই মন্তব্য গিতানভ ওজাৰ।

1

গিতানভ ওজাৰ কৰ্মদ্বাৰা বহুজনে অতি সহজতে স্বাৱলম্বী ভাৱে ব্যৱসায় আৰম্ভ কৰিব পাৰিছে। সেয়েহে তেখেতৰ কাহিনীভাগ nefocus.com ত প্ৰকাশ কৰা হ’ল।

4

এনেধৰণৰ ইতিবাচক খবৰ যদি জানে, আমাক লিখিবলৈ নাপাহৰিব। আমাৰ ইমেইল [email protected]

Leave A Reply

Your email address will not be published.