আজি তাৰিখত যদি প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণ কৰা সকলৰ এখন তালিকা প্ৰস্তুত কৰা হয়, তেনেহ’লে নিসন্দেহে তালিকাৰ শীৰ্ষত এজন ব্যক্তিৰ নাম আহিব তেখেত যাদৱ পায়েং। যাদৱ পায়েং কোন, কি কৰে, আজি নজনা মানুহ খুব কমেহে ওলাব। কেৱল অসম বা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বই যাদৱ পায়েঙক জানে অৰণ্য মানৱ ৰূপে।
তেখেত কিদৰে অৰণ্য মানৱ হ’ল এইবিষয়ে জানিবলৈ আমি উভতি চাব লাগিব যাদৱ পায়েঙৰ শৈশৱলৈ..। যোৰহাট জিলাৰ নিমাতিৰ সমীপৰ ককিলামুখ মিচিংগাৱত যাদৱ পায়েঙৰ শৈশৱ জীৱন আৰম্ভ হৈছিল। ঘৰৰ ওচৰৰে কৃষিবিজ্ঞানী যদুনাথ বেজবৰুৱাই পৰিবেশ আৰু জীৱকুলৰ সম্পৰ্কে কৰা মন্তব্যই সৰু কালৰে পৰা প্ৰভাৱিত কৰিছিল।
১৯৬৫ চনৰ কথা। ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই যাদৱ পায়েংৰ গাওখন নিশ্চিন্ন প্ৰায় কৰিলে। গাৱৰ ওচৰতে থকা হাবিখন বানপানীৰ বিভিষিকাত জাঁহ গ’ল। বানপানীৰ যেতিয়া মাৰ গৈছিল,তেতিয়া তেওঁ দেখা পাইছিল ১০ কি.মিটাৰ জুৰি এক বালিস্বত সৃস্টি হৈছে। তাত বহুতো সাপে মৃত্যুৰ ক্ষণ গণিছে। সাপৰ মৃত্যুৰ বিৰহ বেদনাই তেওঁক বাৰুকৈয়ে কোৱায় গ”ল। অৱশেষত উপায় বিচাৰি গাৱৰ কেইজনমান জেষ্ঠ্য ব্যক্তিৰ পৰামৰ্শ ক্ৰমে বালিস্বততে ৫০টা বাহৰ মুঢ়া আৰু ২৫ টা বাহ ৰোপন কৰে আৰু তেনেদৰে প্ৰথমে পায়েঙে গছ ৰোপনৰ শুভকাৰ্য্য সম্পাদন কৰে।
ইয়াৰ পিছত তেওঁ আৰু ৰৈ নাথাকিল। প্ৰতিদিনে বিভিন্ন গছৰ পুলি আনি ৰোপন কৰিলে। শিমলু, চেচুগছ, অৰ্জুন গছ, ডিমৌগছ আদি গছৰ পৰা আদি কৰি বহু গছ। এনেদৰে ৩৬ বছৰে লাখৰোধিক গছ ৰোপন কৰিছে। ফলস্বৰূপে গঢ়ি উঠিল এখন অট্ৰব্য কাঠনিবাৰী। উল্লেখযোগ্য যে মোলাই কাঠনিবাৰী হিচাপে খ্যাত যাদৱ পায়েঙৰ কাঠনিবাৰীত ৫০ খন দেশৰ বিজ্ঞানীয়ে আয়ুবেদিক ঔষধৰ সন্ধান পাইছে। এই কথা জানিবলৈ দিয়ে যাদৱ পায়েঙে। স্মৰ্তব্য যে এই অৰণ্যত আছে বাঘ, গড়, হাতী, হৰিণা লগতে আছে বহু জন্তুও।
যাদৱ পায়েঙৰ এনে কাৰ্য্যত উদগণি যোগায় Jawaharlal Nehru university য়ে পোনপ্ৰথমে forest man of india উপাধি প্ৰদান কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে সন্মান প্ৰদৰ্শন কৰি আহিছে। যাদৱ পায়েঙৰ মতে আমি এজোপা গছ কাটিলে দহ জোপা গছ ৰুৱ লাগে| প্ৰকৃতিয় পৰিবেশ তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো উচিত। প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। সেয়েহে আমি প্ৰকৃতি পৰিবেশ জীৱ সংৰক্ষণ কৰাটো উচিত। যাদৱ পায়েঙৰ কৰ্ম আদৰ্শ হাজাৰ জনৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক ।
I salute you sir