যুৱ বিজ্ঞানী ইমৰাণ হুছেইনৰ কথাৰে

1 257

PicsArt_06-07-11.03.18

কেৱল বৃত্তিগত সন্তুষ্টিৰ বাবে নহয়, উদ্ভাৱনৰ লগত জড়িত প্ৰত্যেকেই নিষ্ঠাৰে কৰ্মত অগ্ৰসৰ হ’লেহে দেশৰ উন্নতি আশা কৰিব পাৰি এই মন্তব্য যুৱ বিজ্ঞানী ইমৰাণ হুছেইনৰ।

IMG-20170607-WA0015

উল্লেখযোগ্য যে ইমৰাণ হুছেইনে সম্প্ৰতি মীন মহাবিদ্যালয়ত স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। ইতিপূৰ্বে ৱাৰলেছ, এলাৰ্ম System, Multipurpose Pen উদ্ভাৱন কৰি বিশেষভাৱে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। এই সম্পৰ্কে ইমৰাণৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্ত্তালাপত ইমৰাণে এনেদৰে কয়- আচলতে বিজ্ঞানৰ প্ৰতি সৰুৰে পৰা দুৰ্বলতা আছিল। Discovery চেনেল আৰু আব্দুল কালাম ছাৰৰ গ্ৰন্থ সমূহে এই ক্ষেত্ৰত ষথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। প্ৰত্যক্ষ ভাৱে বিজ্ঞানৰ লগত জড়িত হৈ পৰো সপ্তম শ্ৰেণীৰ পৰা। মই উত্তৰ লক্ষিমপুৰ চৰকাৰী উঃমাঃ বিদ্যালয়ত যেতিয়া অধ্যয়ন কৰিছিলো, আৰ্য্যভট্ৰ নামৰ কেন্দ্ৰৰ যোগেদি বিজ্ঞানৰ সৰু বৰ কথা জানিছিলো, যিয়েই পৰৱৰ্ত্তী সময়ত আগবাঢ়ি যাবলৈ পথ প্ৰদৰ্শন কৰিছিল। ইতিমধ্যে বিভিন্ন ঠাইত বক্তা হিচাপে আমন্ত্ৰিত হৈছো। স্মৰ্তব্য যে ইমৰাণ হুছেইনক প্ৰকল্প আৰু গৱেষণাৰ বাবে ২১ জুলাইত 17th International Conference on Research In Science and Technology য়ে থাইলেণ্ডলৈ আমন্ত্ৰণ কৰিছে। কথাৰ প্ৰসংগত ইমৰাণে আমাক School Of Innovation কথা জানিবলৈ দিয়ে। বিজ্ঞানক ভালপোৱা সমাজৰ সৰু সৰু মানুহৰ সপোন বোৰক বাস্তৱ কৰাৰ বাবেই এই স্কুলখনৰ প্ৰতিষ্ঠা কৰা হৈছ। বিজ্ঞানী উদ্ভৱ ভৰালীয়ে এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে বুলি মন্তব্য কৰে। অনাগত দিনত ইমৰাণ আগবাঢ়ি যাওক, ন ন উদ্ভাৱনী আহিলা সমাজলৈ আগবঢ়াই যাওক, শুভকামনা থাকিল।

PicsArt_06-07-11.05.32

1 Comment
  1. Salima Siddika says

    Inspiring.. Wishing him good luck for future.. May Almighty be always with him

Your email address will not be published.