সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে সংবাদ মাধ্যম সজাগ আৰু সচেতন হ’ব লাগিব-মুখ্যমন্ত্ৰী

0 215

এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে সংবাদ মাধ্যম সজাগ আৰু সচেতন হ’বই লাগিব।সাংবাদিক সকলৰ সৰব হৈ থকাটো আৰু চৰকাৰক সমালোচনা কৰাটো চৰকাৰ খনৰ বাবেই মংগলজনক ।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে চৰকাৰৰ ওপৰত প্ৰতি মুহূৰ্ততে চোকা দৃষ্টি ৰাখিব লাগে।ইয়াৰ দ্বাৰা মাথো চৰকাৰেই নহয় দেশৰ প্ৰতিগৰাকী নাগৰিকেই উপকৃত হয়।অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি এইদৰে কয়।
 
 
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ভাৰতবৰ্ষৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম তথা সাংবাদিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।জনসাধাৰণক দেশৰ স্বাৰ্থত অধিক সজাগ সচেতন কৰাৰ লগতে মূল্যবোধৰ ভেটি গঢ় দিয়াৰ বাবে সাংবাদিকসকলে জনসাধাৰণৰক উৎসাহিত কৰিব লাগিব।
 
 
ক’ভিড-১৯ ৰ সময়ত অসমৰ ৰাইজে সুস্থিৰতা,শৃংখলাবদ্ধতা বজাই ৰাখি তথা স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শ মানি চলি এই সংক্ৰমণ প্ৰতিহত কৰাৰ দিশত যি সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সংবাদ মাধ্যম সন্মুখৰ পৰা কষ্ট স্বীকাৰ কৰিছে।এই সংকটে অন্যান্য খণ্ডৰ লগতে সংবাদ মাধ্যমৰ ওপৰতো যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে।সংবাদকৰ্মী সকল নানা অসুবিধা সন্মুখীন হৈছে।
 
 
মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ সংকটৰ সময়ত সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াইছিল । জনতাৰ স্বাৰ্থত নিষ্ঠাৰে কৰ্তব্য পালন কৰিছিল।স্বাস্থ্য বিভাগৰ সকলোৱে ভাৱিব নোৱাৰাকৈ দিনে নিশাই কাম কৰা সমান্তৰালভাৱে আৰক্ষী বাহিনীৰ বিষয়া-কৰ্মচাৰীয়েও দিনে নিশাই সেৱা আগবঢ়াইছিল ।এখন সমাজ যেতিয়া ঐক্যবদ্ধতাৰে প্ৰাণবন্ত হৈ উঠে সজীৱ আৰু সজাগ হৈ উঠে তেতিয়া যিকোনো প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিয়া সম্ভৱ।
 
জনপ্ৰতিনিধিকে ধৰি সকলোৱে লগত মিলি এই অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি কয়। লগতে কয় যে এখন সমাজ সকলো সময়তে সমন্বয়ৰ জৰিয়তে শক্তিশালী হৈ থাকিব লাগে।সমাজে যেতিয়া ঐক্যবদ্ধভাৱে কাম কৰে তেতিয়া যিকোনো দুৰ্যোগ নিৰ্ভীকতাৰে অতিক্ৰম কৰিব পাৰে।ক’ৰণাকালত আমি সকলোৱে বহু অভিজ্ঞতা সঞ্চয় কৰিবলৈ সমৰ্থ হৈছোঁ।
 
ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে সাংবাদিক সকলে আগবঢ়োৱা অৰিহণা শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে সাংবাদিক সকলৰ ভূমিকাই প্ৰশাসনক জনমুখী কৰাৰ ক্ষেত্ৰত বহু উদগনি যোগাইছে।ৰাজ্য চৰকাৰে সাংবাদিকৰ বাবে নিজৰ কৰণীয় কামখিনি কৰি যোৱাৰ বাবে নিষ্ঠাৰে প্ৰয়াস চলাই আহিছে।সাংবাদিক সকলৰ সমস্যা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সমস্যাসমূহ উপলব্ধি কৰি বৰ্তমান চৰকাৰে বহু আঁচনি গ্ৰহণ কৰিছে। অনাগত দিনত সাংবাদিকৰ বাবে চৰকাৰে আৰু আঁচনি গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে যথেষ্ট সহায় কৰিছে।দুৰ্নীতি নিয়ন্ত্ৰণ ক্ষেত্ৰত চৰকাৰে অর্জন কৰা সফলতাৰ অন্তৰালত সাংবাদিক সকলৰো বহু সহযোগিতা আছে।সাংবাদিক সকলে মনোবল দিয়া চৰকাৰে উৎসাহিত হৈছে।সাংবাদিক সকলে জৈৱ বৈচিত্ৰ ৰক্ষাৰ কথা বুজাই নিলে সমাজতখনত অধিক প্ৰভাৱ পৰে বুলি উল্লেখ কৰি শাসক আৰু আইনৰ মাজৰ সাঁকো নিৰ্মাণৰ দায়িত্বও সাংবাদিকৰে আছে বুলি কয়।
আজিৰ অনুষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জেষ্ঠ অধ্যাপিকা তথা জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী জয়া চক্ৰৱৰ্তীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদানত সাংবাদিক সকলৰ দায়িত্ব,কৰ্তব্য,সমস্যা ইত্যাদি বিভিন্ন বিষয়ত আলোপাত কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে কলম নিঃসন্দেহে তৰোৱালতকৈও অধিক শক্তিশালী, কিন্ত সংবাদ মাধ্যমে নিজৰ শক্তি প্ৰয়োগ কৰোতে অধিক সচেতন হ’ব লাগিব।কিয়নো সমাজক বাট দেখুৱা দায়িত্বও তেওঁলোকৰ হাততে ন্যস্ত আছে। তেখেতে সংকটৰ সময়ত সংবাদ মাধ্যমে গ্ৰহণ কৰাভূমিকাক শলাগ লোৱা লগতে প্ৰাণ হেৰুৱাব লগীয়া হোৱা সংবাদকৰ্মী সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
অনুষ্ঠানত ৰাজ্য সাংবাদিকতা আৰু সাহিত্য জগতলৈ আগবঢ়োৱা মূল্যবান অৰিহণা বাবে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী এলি আহমেদ,সাংবাদিক তথা সাহিত্যিক শিৱচৰন কলিতা,প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমেধৰ শৰ্মা,ফটো সাংবাদিক তথা লেখক মহেশ চন্দ্ৰ মেধি,সাংবাদিক তাপস সমাদ্দাৰ ,ৰঞ্জিত কুমাৰ শৰ্মা আৰু কুঞ্জ মোহন ৰায়ক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠান তথ্য আৰু সংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল,জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী,তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া,সাংবাদিক ৰঞ্জিত কুমাৰ শর্মাকে ধৰি বিভিন্ন বিষয়া-কৰ্মচাৰী লগতে বহুকেইগৰাকী বিশিষ্ট সাংবাদিক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.