সৰু সৰু কথায়েও কেতিয়াবা আনন্দ দিয়ে

0 244

WhatsApp Image 2017-10-31 at 6.37.21 PMগছ-গছনি থাকিলেহে জীৱকুল বৰ্তি থাকিব, এই কথা আপুনি আমি ভালকৈয়ে জানো। কিন্তু আমি কিমানজনে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে পদক্ষেপ লওঁ। সততে দেখা যায় যে অধিকাংশ লোকে পৰিৱেশ সুৰক্ষাৰ বাবে কেৱল পৰিৱেশ দিৱসতহে বিশেষ ভাৱে তৎপৰ হৈ পৰে। এনে মানসিকতাৰ বিপৰীতত অৱস্থান কৰি জীৱনৰ এটা বিশেষ দিনত নৱপ্ৰজন্মৰ এজন যুৱকে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এতিয়া সমগ্ৰতে চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখযোগ্য যে পংকজ তালুকদাৰ নামৰ পলাশবাৰীৰ যুৱক জনে নিজৰ বিয়াত ৭০০ বিভিন্ন গছৰ পুলি বিতৰণ কৰিছে। এই সৰ্ম্পকে পংকজ তালুকদাৰে nefocus.com ৰ আগত এনেদৰে মন্তব্য কৰে – সৰুৰে পৰা সামাজিক কাম কৰি ভাল পাইছিলো। বন্ধু বৰ্গৰ পৰামৰ্শ আৰু প্ৰধানমন্ত্ৰীয়ে দিয়া এক ভাষণৰ গুৰি ধৰি সিদ্ধান্ত  লৈছিলো যে, মোৰ বিয়াৰ দিনা এনে কাম কৰো, যি কামে সমাজৰ বাবে আদৰ্শ হৈ পৰে। সেয়েহে এনেদৰে এটা বিশেষ দিন নিৰ্বাচন কৰি গছ পুলি বিতৰণ কৰো। বকুল, নাহৰ, নেমুৰ লগতে বিভিন্ন গছৰ পুলি বিয়া খাবলৈ অহা অতিথিক উপহাৰ দিওঁ।

WhatsApp Image 2017-10-31 at 6.37.08 PM

স্মতৰ্ব্য যে ইতিপূৰ্বেও ধেমাজিৰ এজন ব্যক্তিয়ে অতিথিক নিজৰ বিয়াত উপহাৰ স্বৰূপে গছৰ পুলি আগবঢ়াইছিল। জীৱশ্ৰেষ্ঠ মানৱে চৌদিশে বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ সময়ত পংকজৰ এনে প্ৰচেষ্টাক অঞ্চল বাসীয়ে প্ৰশংসা কৰিছে।

সহযোগ কৰিলে- জিতুমণি দাস

Leave A Reply

Your email address will not be published.