৭২৪ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

1 313

IMG-20170909-WA0044

“শিপাৰ লগত সম্পৰ্ক থাকিলেহে জীৱনত সফল হ’ব পাৰি। জীৱনত আগবাঢ়ি যোৱাৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ সমজখনৰ কথা মনত ৰাখিব লাগিব। “অসম ডনবস্ক” বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তনত সঞ্চালনা কৰি অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ বানৱাৰীলাল পুৰোহিতে এইদৰে কয়। বিশ্ববিদ্যালয়খনৰ আজাৰা চৌহদত শনিবাৰে অনুষ্ঠিত সমাৱৰ্তনত দেশ-বিদেশৰ ৭২৪ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰে ২০৪ গৰাকীক অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী, ৪১ গৰাকীক এম টেক, ৫৪ গৰাকীক এম এছ ডব্লিউ, ২০ গৰাকীক এম চি এ, ৩৪ গৰাকীক এম বি এ, ৯ গৰাকীক মনোবিজ্ঞানৰ, ৫ গৰাকীক মানৱ অধিকাৰৰ, ৪ গৰাকীক গণসংযোগৰ, ৭ গৰাকীক শিক্ষাৰ, ১৩ গৰাকীক পদাৰ্থ বিজ্ঞানৰ, ১৪ গৰাকীক লাইফ ছায়েঞ্চৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু ৬ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হ’ব।

IMG-20170909-WA0040

বিশ্ববিদ্যালয়খনৰ দূৰ শিক্ষা শাখাৰ অধীনত শিক্ষা গ্ৰহণ কৰা ৩০৯ গৰাকী শিক্ষাৰ্থীকো ডিগ্ৰী প্ৰদান কৰা হ’ব। উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা ১৬ গৰাকী শিক্ষাৰ্থীক  সোণৰ পদক প্ৰদান কৰা হয়। স্নাতকোত্তৰ শাখাত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা এম বি এ বিভাগৰ অমৰ কুজুৰক আচাৰ্য মেডেল আৰু স্নাতক শাখাত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ ৰাছেল জৰ্জক উপাচাৰ্যৰ মেডেল প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়ৰ আচাৰ্য ফাদাৰ ভি এম থমাছ, উপাচাৰ্য ফাদাৰ ষ্টিফেন মাভেলিও সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে।

1 Comment
  1. দিগন্ত, দৈনিক জনমভূমি says

    ভাল লাগিল।

Your email address will not be published.