বিউটি কেয়াৰ সামগ্ৰী উৎপাদনেৰে উজলি উঠিছে মণিপুৰী মহিলা

0 256

স্কিন প্ৰডাক্টৰ বিভিন্ন সামগ্ৰী উৎপাদনেৰে উজলি উঠিছে মণিপুৰৰ জীয়াৰী ৱৰথিংলা জিমিক। সৰুৰে পৰা উদ্যমী হোৱা মানসিকতা থকা জিমিকে তৈয়াৰ কৰিছে বিভিন্ন স্কিন প্ৰডাক্টৰ সামগ্ৰী। বৰ্তমান দিল্লীৰ বাসিন্দা জিমিকে ঘৰৰ পৰা আৰম্ভ কৰিছে তেখেতৰ ব্যৱসায়। উল্লেখযোগ্য যে ইতিপূৰ্বে জিমিকে বাংগালোৰত ৰেষ্টুৰেণ্ট এখনত কাম কৰাৰ উপৰিও কিছু বছৰ এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাতে দিল্লীৰে এজন সতীৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত CSDO নামৰ এটা প্ৰতিষ্ঠানত স্কিন প্ৰডাক্ট প্ৰস্তুত কৰাৰ সম্পৰ্কে প্ৰশিক্ষণ লয়। ইয়াৰ পাছত জিমিকে ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰে৷ জানিব পৰামতে জিমিকে গা ধোৱা চাবোন, লোচন, শ্বাৱাৰ জেল, হেণ্ডৱাচ, চেম্পু প্ৰস্তুত কৰে। এই সম্পৰ্কে জিমিকে Nefocus.comৰ আগত এনেদৰে মন্তব্য কৰে যে বিয়া হোৱাৰ পাছত সন্তানৰ আগমন হ’ল। বাহিৰত কাম কৰাতো মোৰ পক্ষে অসুবিধা হ’ল।

যাৰ বাবে আগ্ৰহ থকা অৰ্থাৎ কৰি ভাল পোৱা কাম এটাকে ব্যৱসায় হিচাবে নিৰ্বাচন কৰো। দিল্লীত আজিৰ পৰা ৫ মাহৰ পূৰ্বে এখন ষ্টুডিঅ’ আৰম্ভ কৰো। বৰ্তমান খুব ব্যৱসায়িকভাৱে সফল হোৱা নাই যদিও চলাই আছো। মোৰ প্ৰডাক্টবিলাক চিনাকি মানুহক ব্যৱহাৰৰ বাবে গিফট্ দিছো, ফিডবেক লৈছো। তেওঁলোকে খুব পছন্দ কৰিছে। এই মন্তব্য জিমিকৰ। স্মৰ্তব্য যে জিমিকৰ প্ৰডাক্টবোৰৰ নুন্যতম মূল্য ১০০ টকাৰ পৰা ১৫০ টকা পৰ্য্যন্ত। উদ্যমী মনোভাৱেৰে আগবঢ়া জিমিক সফল হওক, আমাৰ থাকিল বহু শুভকামনা। প্ৰিয় পাঠক, এনেধৰণৰ ইতিবাচক Exclusive খবৰ জানিবলৈ লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com।    

Leave A Reply

Your email address will not be published.