আজিৰ ইতিবাচক খবৰ

0 249

দৰিদ্ৰ গ্ৰাম্য অঞ্চলৰ লোকসকলক চৰকাৰী বেংকৰ লগত যোগাযোগ অক্ষুণ্ণ ৰক্ষাৰ বাবে ভাৰতীয় ষ্টেট বেংক খাৰুপেটিয়া শাখাৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত ২ নং মাগুৰমাৰীৰ নতুন বজাৰত দুই শতাধিক জনসাধাৰণৰ উপস্থিতিত বেংকৰ জৰিয়তে গ্ৰাহক সকলে বিভিন্ন সময়ত লাভ কৰা সুবিধা সমূহ আলোচনাৰ্থে ভাৰতীয় ষ্টেট বেংক খাৰুপেটিয়া শাখাৰ শাখা পৰিচালক ডি এন কোশাৰিৰ সঞ্চালনাত সজাগতা সভাখন আয়োজন কৰা হয়। বেংকৰ গ্ৰাহক সকল তথা তেওঁলোকৰ পৰিয়ালৰ ভবিষ্যত জনক সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা নামেৰে আঁচনি প্ৰস্তুত কৰিছে। শাখা পৰিচালক ডি, এন কোশাৰিৰ ভাষণত কয় যে ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সীয়া সকলো চেভিংচ্ বেংক একাউণ্ট ধাৰী গ্ৰাহক সকলে বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ ১২ টকা দি বীমা কৰিলে সেই ব্যক্তিজনে ভবিষ্যতে ৰ্দুঘটনা গ্ৰস্থ হ’লে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা জৰিয়তে ২ লাখ টকাৰ সুবিধা লাভ কৰিব, আনহাতে ১৮ বছৰৰ পৰা ৫০ বছৰলৈ সকলো চেভিংচ্ বেংক একাউণ্ট ধাৰীয়ে বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ ৩৩০ টকা দি বীমা কৰিলে সেই ব্যক্তিজনৰ ৰ্দুঘটনাত মৃত্যু হ’লে তেওঁৰ উত্তৰাধিকাৰীয়ে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ অধীনত ২ লাখ টকা লাভ কৰিব। বেংক মিত্ৰ সকলৰ জৰিয়তেও চেভিংচ্ বেংক একাউণ্ট ধাৰীয়ে চৰকাৰৰ এই ধৰণৰ সুবিধা লাভ কৰিব পাৰিব বুলি জনায় শাখা পৰিচালকজনে। একাংশ লোকে জনোৱা মতে বেংকৰ জৰিয়তে পোৱা সুবিধা সমুহ চৰাঞ্চলত বসবাস কৰা লোকসকলক আজিলৈকে কোনো এজন শাখা পৰিচালক নাইবা কোনো এজন বিষয়া কৰ্মচাৰীয়ে অৱগত নকৰাৰ বাবে চৰকাৰৰ এই সুবিধা সমূহৰ পৰা বঞ্চিত হ’বলগীয়া হয়। সভাখনত দৃষ্টি ডেভলপমেন্ট প্ৰা:লিমিটেডৰ ডিভিজন মেনেজাৰ প্ৰণৱ হাজৰিকাই বেংক মিত্ৰৰ পৰা গ্ৰাহকে পোৱা সুবিধা সম্পৰ্কে ভাষণ দিয়াৰ লগতে জুলফিক্কাৰুল হক চৌধুৰী, ৰেজাউল হক চৌধুৰী, ছহিদুল ইছলাম, আৰু আহমেদ আলী উপস্থিত থাকে।

আনহাতে ডিজিটেল মাধ্যমৰ প্ৰভাৱ পৰি বৰ্তমান সময়চোৱাত মানুহৰ মাজত বাতৰি কাকত পঢ়াৰ পাঠকৰ সংখ্যা কমি আহিছে। এনে সময়চোৱাত এক ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছে পলাশবাৰী ৰামপুৰৰ ‘কালিকান্ত এজেঞ্চি’ৰ স্বত্বাধিকাৰী বিমল শৰ্মাই। দক্ষিণ কামৰূপৰ ৰামপুৰ, নহিৰা, ৰাজাপুখুৰী আদি বৃহত্তৰ অঞ্চল আগুৰি ‘কালিকান্ত নিউজ এজেঞ্চি’য়ে বৰ্তমান উঠি অহা যুৱ প্ৰজন্মক বাতৰিকাকত তথা কিতাপ আদিৰ প্ৰতি আগ্ৰহ কৰাৰ উদ্দেশ্যে ‘কালিকান্ত নিউজ এজেঞ্চি’ৰ স্বত্বাধিকাৰী বিমল শৰ্মাই তেওঁৰ প্ৰয়াত ভগ্নীৰ নামত উৎসৰ্গা কৰি এটি বঁটাপ্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত বঁটা প্ৰদান কৰা হয় এজেঞ্চিটোৰ বহু পুৰণি পাঠক তথা হোমিঅ’ চিকিৎসক ডাঃ লংকেশ্বৰ শৰ্মাক। উক্ত বঁটা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা ই.পি.মিডিয়া ফৰাম চাউথ কামৰূপৰ উপদেষ্টা বলেন কলিতাই। ডাঃ লংকেশ্বৰ শৰ্মাই বঁটা লাভ কৰি কয় যে এই বঁটা লাভ কৰি অানন্দিত হোৱাৰ লগতে নৱ প্ৰজন্মক বাতৰি কাকত পঢ়াৰ বাবে আগ্ৰহী হ’ব বুলি আশা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

খবৰ যুগুতালে খাৰুপেটিয়াৰ পৰা আবুল হাছেম আৰু মিৰ্জাৰ পৰা জিতুমণি দাসে

Leave A Reply

Your email address will not be published.