কিতাপৰ লগত বন্ধুত্ব গঢ়া এক শৃংখল

2 331

বৰ্তমান ডিজিটেল মাধ্যমৰ যুগ। ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। এই কথা এক সমীক্ষাত প্ৰকাশ পাইছে। বিশেষকৈ অসমত চ’চিয়েল মেডিয়াৰ লগত জড়িত লোকৰ সংখ্যা দেশৰ ভিতৰতে হয়তো সৰ্বাধিক হ’ব। যাৰ বাবে বহু সময়ত অন্ধবিশ্বাস, বিতৰ্কিত মন্তব্য কিম্বা মৰেল পুলিচগিৰিয়ে চ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। অৱশেষত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে সময়তে ফেচবুকত আৰম্ভ হোৱা কিতাপৰ বেটুপাত নিৰ্বাচনৰ এক শৃংখলে সমাজলৈ ইতিবাচক বতৰা কঢ়িয়াই আনিছে। অৱশ্যে এই শৃংখলটো কেতিয়া, ক’ৰপৰা, কোনে আৰম্ভ কৰিছিল এই বিষয়ে সঠিকভাৱে জানিব পৰা নাযায়। কিতাপৰ শৃংখলৰ অংশীদাৰ হোৱা অন্যতম পঢ়ুৱৈ মুকুন্দ মাধৱ নেওগে শৃংখলটোৰ সম্পৰ্কে এনেদৰে মন্তব্য কৰে- এই শৃংখলটোৱে আলমাৰীৰ কোনোবা চুকত সোমাই ৰখা কিতাপখনক মনত পেলাই দিছে। আন এগৰাকী শৃংখলটো আগবঢ়াই নিয়া পঢ়ুৱৈ ৰূপশ্ৰী বৰাই এনদৰে কয়- কিতাপ সকলো মানুহে ভাল পায় কিতাপৰ প্ৰতি সকলোৰে আকৰ্ষণ কম বেছি পৰিমাণে থাকে।

ফেচবুকত আৰম্ভ হোৱা এই শৃংখলটোৰ জৰিয়তে সময়ৰ তাগিদাত কিতাপৰ লগত সম্পৰ্কিত নোহোৱা সকলক পুনৰ কিতাপ আদৰি ল’বলৈ সোঁৱৰাই দিছে। উল্লেখযোগ্য যে এই শৃংখলটো আগবঢ়াই নিবলৈ আপুনি কমেও ৭ খন প্ৰিয় গ্ৰন্থৰ বেটুপাত নিৰ্বাচন কৰিব লাগিব। আৰু আপোনাৰ প্ৰিয় বন্ধুক মনোনীত কৰিব লাগিব। কিতাপ আমাৰ বাবে এনে এজন বন্ধু, যি সকলো সময়তে সকলো পৰিস্থিতিতে আমাৰ লগত থাকে। আমাক সঠিক পথৰ নিদৰ্শন দিয়ে। এনেধৰণৰ প্ৰিয় গ্ৰন্থৰ বেটুপাত নিৰ্বাচনৰ শৃংখলে হয়তো সমাজত নকৈ এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব। 

2 Comments
  1. কাবেৰী কছাৰী ৰাজকোঁৱৰ says

    অভিনৱ আয়োজন !

  2. Uttam Kumar Barman says

    ভাল লাগিল ৷

Leave A Reply

Your email address will not be published.