সফলতাৰে সম্পন্ন হ’ল ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান।ফিল্ম অনুষ্ঠানৰ পৰা অসমৰ কি লাভালাভ হ’ল এই সম্পৰ্কে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদ মেলত কয় যে ফিল্ম ফেয়াৰৰ যোগেদি অসমে প্ৰায় ২৩ কোটি উপাৰ্জন কৰিলে।অসমৰ কলা সংস্কৃতি ঐতিহ্যৰ লগতে বহু খিনি দিশে প্ৰচাৰ প্ৰসাৰ লাভ কৰিলে।এই সম্পৰ্কত দৃষ্টান্ত দি বৰুৱাই কয় যে অনুষ্ঠানৰ ষ্টেজৰ বৰ্হি ভাগত অসমৰ মুখা আৰু জাপি ব্যৱহাৰ কৰা হৈছে।ইয়াৰ উপৰিও ব্লেক লেডী কঢ়িয়াই অনা আইকনটো অসমীয়া পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি উপস্থাপন হয়।ইয়াৰ সমান্তৰালভাৱে চলচিত্ৰ পৰ্যটনেও প্ৰসাৰ লাভ কৰে।উল্লেখযোগ্য যে টাইম অৱ ইণ্ডিয়া গ্ৰুপে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১কোটি ৬০ লাখ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।স্মৰ্তব্য যে অসমৰ প্ৰায় ১৬০ গৰাকী শিল্পীয়ে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰে।কাঁ বিৰোধী আন্দোলনে অসম পৰ্যটনক নেতিবাচক প্ৰভাৱ পেলাইছিল যদিও ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানে ইতিবাচক দিশৰ সূচনা কৰিল বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে ।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল