বিলাসী গাড়ী নিৰ্মাতা জাৰ্মানীৰ উদ্যোগত অ’ডিয়ে আজি গুৱাহাটীত নতুন এ৬ মুকলি কৰে । প্ৰতিখন গাড়ীৰ মূল্য ৫৪লাখ ২০ হেজাৰ টকাৰ পৰা আৰম্ভ হৈছে । গাড়ীখন আনুষ্ঠানিক ভাৱে মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ফুটবলাৰ বাইচুং ভূটিয়াই । জানিব পৰা মতে গাড়ীখনে ৬.৮ চেকেণ্ডত ০-১০০ কিলোমিটাৰ গতিবেগ ধাৰণ কৰে । গাড়ীখন সন্দৰ্ভত ‘অ’ডি গুৱাহাটী’ৰ মুৰব্বী পুলক গোস্বামীয়ে কয় যে গুৱাহাটীত অ’ডিৰ এই নতুন গাড়ীখন মুকলি কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছো ।আগন্তুক সময়ত আৰু বহুকেইখন নতুন গাড়ী মুকলিৰ বাবে প্ৰতীক্ষা কৰি আছো । আশা কৰিছো আমি অসমৰ বজাৰত বিলাসী গাড়ীৰ বৰ্দ্ধিত চাহিদা আমি পূৰণ কৰিব পাৰিম । উল্লেখযোগ্য যে ২০১৫ চনত গ্ৰীণভেলী গ্ৰুপৰ অধীনত এই অ’ডি গুৱাহাটী শ্ব’ৰুম মুকলি কৰা হৈছিল ।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ