অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি

0 295

মণিৰাম দেৱান পথৰ আমবাৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্মুখত এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। এল ফিৰিংগী নামৰ ৰেষ্টুৰেণ্ট খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট শিক্ষাবিদ চেনেহী বেগম আৰু সমাজকৰ্মী তথা অধিবক্তা এছ এছ ৰহমানে। ৰেষ্টুৰেণ্ট খন মুকলি কৰি চেনেহী বেগমে কয় যে এই বৃহৎ অঞ্চলটোৰ বাবে এখন অত্যাধুনিক ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আছিল যিটো আজিৰ পৰা এই ৰেষ্টুৰেণ্ট খনে দূৰ কৰিলে । ইপিনে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰ এছ ফাৰুকে কয় যে আমি ৰেষ্টুৰেণ্ট খনৰ জৰিয়তে বৰ্তমান জনসাধাৰণৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি কলিকতাৰ পৰা চেফ লৈ আহিছো লগতে ইয়াকো কয় যে দুৰ্গা পূজা উপলক্ষে তেওঁ লোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.