ইপিক ম’ম এক নসংযোজন

0 270

প্ৰতিজন সৃষ্টিশীল মনৰ ব্যক্তিয়ে সুন্দৰতা পছন্দ কৰে। এই সুন্দৰতাৰ আলমত গঢ় লৈ উঠিছে নানা ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান। চহৰত নতুন বুলিলে ডেক’ৰেচনৰ প্ৰসংগটো সততে মনলৈ আহে। কিয়নো আজি কালি একাংশ ৰেষ্টুৰেণ্ট, পাৰ্ক আৰু প্ৰতিষ্ঠানত ভিন্ন ৰঙী ছাতি সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। দীঘলীপুখুৰীৰ পাৰ্কই হওক নাইবা ডনবক্স ইউনিভাৰচিৰ্টিত ছাতিক সৌন্দৰ্য্য বৰ্দ্ধক হিচাপে ব্যৱহাৰ কৰা দেখা যায়। মহানগৰীৰ ডাউন টাউনত অৱস্থিত ইপিক ম’ম নামৰ ৰেষ্টুৰেণ্টখনে কম সময়ৰ ভিতৰতে গ্ৰাহকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

এই বিশেষ ৰেষ্টুৰেণ্টখনে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ কাৰণ হ’ল ইণ্টাৰিঅ’ ডিজাইন। কিছুমান জাপানীজ ছাতিৰে ৰেষ্টুৰেণ্টখন সজাই তোলা হৈছে। ডিজাইনাৰ কৰিশ্মা কাকতিৰ কল্পনাপ্ৰৱণ মনৰ সুন্দৰ চিত্ৰ ৰেষ্টুৰেণ্ট খনত প্ৰতিফলিত হৈছে। আচলতে কেৱল ইণ্টাৰিঅ ডিজাইনৰ ক্ষেত্ৰতে নহয় এই ইপিক ম’ম ৰেষ্টুৰেণ্ট খন ব্যতিক্ৰম ধৰণৰ ৰেষ্টুৰেণ্ট। কিয়নো এই ৰেষ্টুৰেণ্ট খনত বিভিন্ন প্ৰকাৰৰ ম’ম পোৱা যায়। সেই সমূহৰ ভিতৰত হ’ল Momo Burger, Epic Chicken Momos, Chili Chicken Momos, Pork Momos, Nutty Crusty cinnamon momos Choco Puffs momos অন্যতম। ইয়াৰ উপৰিও ৰেষ্টুৰেণ্ট খনত আপুনি চকলেট, বাদাম আদিৰে প্ৰস্তুত কৰা বিভিন্ন ম’মৰ খাদ্য সম্ভাৰ জুতি ল’ব পাৰিব। নতুন ধৰণে আৰম্ভ কৰা এই ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰী হৈছে দেৱব্ৰত নাথ আৰু ৰাহুল মালিক।

ৰেষ্টুৰেণ্ট খনৰ সম্পৰ্কত তেওঁলোকে এনেদৰে কয়- Epic শব্দৰ অৰ্থ হৈছে extra ordinary, যাৰ জৰিয়তে অলপ বেলেগ ধৰণে গ্ৰাহকক সেৱা আগবঢ়াব বিচাৰিছো উল্লেখযোগ্য যে ইপিক ম’মত নুন্যতম ৭০ টকাৰ পৰা খাদ্যসম্ভাৰ উপলব্ধ। মাত্ৰ কেইমাহ মানৰ ভিতৰতে ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰা ইপিক ম’মৰ এই যাত্ৰা অব্যাহত থাকক।

Leave A Reply

Your email address will not be published.