এইচ ডি এফ চি বেংক ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক ঘোষণা কৰে যে তেওঁলোকে কনভাৰসেশনেল এ আই কোম্পানী কোৰ’ভাৰ (CoRover) ত বিনিয়োগ কৰিছে। কোৰ’ভাৰ এ ভাৰতজিপিটিৰ নিৰ্মাণ কৰিছে – এক উন্নত, দক্ষ, শক্তিশালী আৰু উচ্চ পৰিৱেশন বৃহৎ ভাষা মডেল।
এক বিলিয়ন ব্যৱহাৰকাৰী আৰু ২৫,০০০ তকৈ অধিক ব্যৱসায় আৰু ডেভেলপাৰয়ে বিশ্বাস কৰা ,কোৰ’ভাৰে কনভাৰসেশনেল এআই এজেণ্ট, এআই সহায়ক (ভইচবট, ভিডিঅবট, আৰু চেটবট), আৰু টেলিফোনি এআই সমাধান নিৰ্মাণ কৰে। এই সমাধানসমূহ ভাৰতজিপিটিৰ দ্বাৰা চালিত, যিটো ভাৰতৰ বাবে সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত বহুভাষিক, বহুমুখী, আৰু ডমেইন-এডাপ্টেবল বৃহৎ ভাষা মডেল (এল এল এম)।
এইচ ডি এফ চি বেংকৰ গ্ৰুপ হেড ট্ৰেজাৰী অৰূপ ৰক্ষিতে কয়, “ ভাৰতৰ দৰে বৈচিত্ৰময় দেশৰ বাবে একাধিক ভাৰতীয় ভাষাত তথ্য বিনিময়ৰ সুবিধা প্ৰদান কৰা ভাৰতজিপিটিৰ বিকাশে আমাৰ বাবে কোৰ’ভাৰৰক পৃথক কৰি তুলিছে।বিশেষ স্থানীয় ভাষাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত কোৰ’ভাৰৰ অভিজ্ঞতাক আমি শলাগ লওঁ।কোৰ’ভাৰৰ জৰিয়তে আমি ইণ্ডিয়াএআই ষ্টাৰ্টআপছ গ্ল’বেল এক্সিলেৰেটৰ প্ৰগ্ৰেমত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছো।
কোৰ’ভাৰৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অংকুশ সভাৱালে কয় যে আমি ভাৰতজিপিটিৰ প্ৰসাৰ আৰু প্ৰভাৱ সম্প্ৰসাৰণ কৰাৰ সময়ত অন্যান্য বিনিয়োগকাৰীৰ সৈতে এইচডিএফচি বেংকৰ আস্থা আৰু সমৰ্থন পাই গৌৰৱান্বিত হৈছো। এই সহযোগিতাই ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগসমূহত অন্তৰ্ভুক্ত, সুৰক্ষিত, সাৰ্বভৌম, আৰু স্কেলেবল এআই সৃষ্টিৰ বাবে এক উমৈহতীয়া সমৰ্পণ প্ৰদৰ্শন কৰে।
কোৰভাৰ চৰকাৰী নীতি ৰূপায়ণ আৰু ইণ্ডিয়া এআই মিছনৰ দৰে পদক্ষেপৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে যিয়ে ষ্টেচন এফ, পেৰিছ, আৰু এইচ ই চি পেৰিছৰ সহযোগত ইণ্ডিয়া এআই ষ্টাৰ্টআপছ গ্ল’বেলৰ দৰে সুযোগ প্ৰদান কৰিছিল, যিটো এটা বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ত্বৰণ কাৰ্যসূচী।
কোৰ’ভাৰৰ মালিকানাধীন প্লেটফৰ্মৰ সৈতে, উদ্যোগসমূহক ভয়চ, ভিডিঅ, আৰু চেটৰ বাবে বুদ্ধিমান কনভাৰসেশনেল এআই এজেণ্টসমূহ দ্ৰুতভাৱে প্ৰণয়ন কৰিব পাৰে যিবোৰ ভাৰতজিপিটিৰ প্ৰসংগভিত্তিক সঠিকতা, উপভাষাৰ বৈচিত্ৰ্য, আৰু গভীৰ ভাষা বুজাবুজিৰ সৈতে সংযুক্ত। কোম্পানীয়ে শেহতীয়াকৈ ভাৰতজিপিটি মিনি মুকলি কৰাৰ ফলত এআইয়ে নিম্নমানৰ ডিভাইচত আৰু ইণ্টাৰনেট সংযোগ (টেলিফোনি এআই) অবিহনে কাম কৰিব পাৰে, যাৰ ফলত আন্তঃগাঁথনি সীমিত পৰিৱেশত অভিগম্যতা নাটকীয়ভাৱে সম্প্ৰসাৰিত হৈছে।