এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে

0 46

এইচডিএফচি বেংকে আজি ঘোষণা কৰিছে যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ কেন্দ্ৰীয় বেংক ডিজিটেল মুদ্ৰা (CBDC) —ডিজিটেল টকা (e₹) — তেওঁলোকৰ অনলাইন ব্যৱসায়ী পেমেণ্ট প্লেটফৰ্ম স্মাৰ্টগেটৱে (SmartGateway)-ৰ সৈতে সংযুক্ত কৰা হৈছে। এই সংযুক্তিকৰণৰ ফলত ব্যৱসায়ীসকলে HDFC বেংকৰ চেকআউট ব্যৱস্থাৰ ভিতৰত গ্ৰাহকসকলক এক সুৰক্ষিত, শূন্য খৰচ আৰু চৰকাৰৰ সমৰ্থনপ্ৰাপ্ত ডিজিটেল পেমেণ্ট সুবিধা আগবঢ়াব পাৰিব।
এই উন্নীতকৰণৰ সৈতে এতিয়া স্মাৰ্টগেটৱে ব্যৱসায়ীসকলে ডিজিটেল টকা (e₹)ৰ জৰিয়তে শূন্য লেনদেন খৰচত পেমেণ্ট গ্ৰহণ কৰিব পাৰিব, লগতে ইউ পি আই (UPI), কাৰ্ড আৰু নেট বেংকিংৰ দৰে বিদ্যমান পেমেণ্ট পদ্ধতিসমূহো ব্যৱহাৰ কৰিব ,পেমেণ্ট ব্যৱস্থাৰ এই সংহতিয়ে গ্ৰাহকসকলক নিৰৱচ্ছিন্ন তাৎক্ষণিক আৰু সুৰক্ষিত লেনদেনৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম কৰে।ডিচেম্বৰ ২০২৫ পৰ্যন্ত, এইচডিএফচি বেংকে প্ৰায় ৮.৪৫ লাখ পঞ্জীয়কৃত CBDC ৱালেটক সেৱা আগবঢ়োৱা পাইলট বেংকসমূহৰ ভিতৰত অন্যতম, য’ত প্ৰতিমাহে প্ৰায় ১৩,০০০ৰ পৰা ১৫,০০০টা নতুন ৱালেট সংযোজিত হৈ আছে।
শূন্য খৰচত গ্ৰহণযোগ্যতাৰ সৈতে, CBDC-এ ব্যৱসায়ীসকলক মধ্যস্থতাবিহীন, ভৱিষ্যৎ-প্ৰস্তুত পেমেণ্ট বিকল্প আগবঢ়ায়, যিয়ে দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য নিষ্পত্তি নিশ্চিত কৰে আৰু কাৰ্য্যকৰী খৰচ হ্ৰাস কৰে। গ্ৰাহকসকলৰ বাবে, ডিজিটেল টকা (e₹)ই UPIৰ সহজ সুবিধাৰ লগতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ৰ সমৰ্থনপ্ৰাপ্ত মুদ্ৰাৰ বিশ্বাস আগবঢ়ায়, যাৰ ফলত প্ৰতিটো লেনদেন দ্ৰুত, সুৰক্ষিত আৰু বিনামূলীয়া হয়।
CBDC-ক স্মাৰ্টগেটৱেৰ সৈতে সংযুক্ত কৰি, এইচডিএফচি বেংকে গ্ৰাহকসকলক এটা নতুন, সহজ পেমেণ্ট বিকল্প আগবঢ়াইছে আৰু অধিক ব্যৱসায়ীসকলক চৰকাৰৰ সমৰ্থনপ্ৰাপ্ত ডিজিটেল মুদ্ৰা ব্যৱহাৰ কৰিবলৈ সক্ষম কৰিছে। এই পদক্ষেপই এইচডিএফচি বেংকৰ ডিজিটেল পথপ্ৰদৰ্শক হিচাপে স্থান দৃঢ় কৰে আৰু উদ্ভাৱনাত আৰু ভাৰতৰ অধিক অন্তৰ্ভুক্তিমূলক, নগদ-হ্ৰাসিত ডিজিটেল অৰ্থনীতিৰ দিশে আগবঢ়াত নিজৰ স্থায়ী প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.