দেশৰ বতৰ বিজ্ঞানী সকলে প্ৰায় চাৰিমাহ পূৰ্বেই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো এইবেলি শীত কালত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছিল। সেই সতৰ্কতা অনুসৰিয়ে দেশৰ আন কেবাখনো ৰাজ্য বিশেষকৈ উত্তৰ ভাৰত আৰু হিমালয় পৰ্বতমালাৰ পাদদেশৰ লগতে অসমসহ উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ বহু ঠাইত আঘোন মাহৰ শেষভাগতে শীতৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল ।অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ভিতৰত নামনি অসমতকৈ উজনি অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাইছিল। আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি বিগত বিগত বৰদিনৰ সময়ৰে পৰাই দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড , মণিপুৰ , মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কৱলত পৰিছে। বিগত কেইবাদিনো ধৰি ভাৰত – তিব্বত সীমান্তকে ধৰি অৰুণাচল প্ৰদেশৰ কেবাখনো জিলা বৰফৰ আচ্ছাদনে ঢাকি ৰাখিছে। আনকি অৰুণাচল প্ৰদেশৰ ভাৰত – তিব্বত সীমান্তৰ কেতবোৰ অঞ্চলত অতি পাতলীয়া বৰষুণ অহা বুলিও খবৰ আহিছে । বিগত দুদিনৰ দৰে অজিও দিনৰ ভাগত অলপ সময়ৰ বাবে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিছিল । কিন্তু নববৰ্ষৰ প্রাকক্ষণত ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ আকাশত সূৰুয দেৱতা প্ৰায় অন্তৰ্ধান হৈছিল। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি আগন্তুক তিনিদিন ধৰি বতৰ প্ৰায় অপৰিৱৰ্তনীয় হৈ থাকিব। এই সময়চোৱাত গুৱাহাটীকে ধৰি অসমৰ কেবাখনো জিলাৰ আকাশ ডাঠ কুঁৱলীৰ আবৰণে ঢাকি ৰাখিব। ইয়াৰ মাজতে দুই এঠাইত অতি পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে। আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব। বিগত তিনিদিন ধৰি আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰখা সন্ধিয়া পর্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে। যাৰ বাবে ৰাইজে অধিক শীত অনুভৱ কৰিছে। উজনি অসমৰ বেছিভাগ ঠাইতে শীতৰ মাত্ৰা অধিক হোৱাত মানুহকে ধৰি জীৱ জন্তু শীতত ঠেৰেঙা লাগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । শীতৰ বাবে সন্ধিয়াৰ পাছত বহু লোকক জুই জ্বলাই গৰমৰ উম লোৱাও পৰিলক্ষিত হৈছে। সূৰ্য্য দেৱতাই ভালকৈ ভুমুকি নমৰাত ৰাজ্যৰ বেছিভাগ ঠাইতে সৰ্বাধিক তাপমাত্ৰা ১ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্য্যন্ত কমি গৈছে। আজি সন্ধিয়া পৰ্যন্ত ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ— গুৱাহাটী ২২.৫ আৰু ১৪.২ ডিগ্রী, ডিব্ৰুগড় ২৫.৮ আৰু ৯.৪ ডিগ্ৰী , তেজপুৰ ২১.৪ আৰু ১৪.০ ডিগ্ৰী , শিলচৰ ২১.৬ আৰু ১২.৫ ডিগ্ৰী, ধুবুৰী ১৫.৫ আৰু ১৩.২ ডিগ্রী, যোৰহাট ২৩.৮ আৰু ১০.১ ডিগ্ৰী , গোৱালপাৰাত ২১.৬ আৰু ১১.৮ ডিগ্ৰী , উত্তৰ লখিমপুৰ ২৬.১ আৰু ৮.০ ডিগ্রী , নগাওঁ জিলাৰ চাপৰমুখত ২২.২ আৰু ৯.০ ডিগ্ৰী চেলচিয়াছ । একে সময়চোৱাত উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা পৰিমাণ আছিল ১৪.৬ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল ৫.৭ ডিগ্ৰী চেলচিয়াছ। অৱশ্যে উত্তৰ পূবৰ ৰাজ্য কেইখনৰ ৰাজধানী চহৰ সমূ্হৰ ভিতৰত নাগালেণ্ডৰ ৰাজধানী কহিমাৰ সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল মাত্ৰ ৫.২ ডিগ্ৰী চেলচিয়াছ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক মাঘ বিহুৰ উৰুকাৰ সময়লৈ বিগত কেইদিনৰ দৰে আকাশ কুঁৱলীৰ আৱৰণে ঢাকি ৰখাৰ লগতে শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে । অৱশ্যে তাৰ মাজতো মাজে সময়ে আকাশত সূৰুয দেৱতাই ভুমুকি মাৰিলেও শীতৰ প্ৰকোপ অব্যাহত থাকিব। বতৰ কিছু ফৰকাল হলেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত নিশাৰ ভাগত ডাঠ কুৱলীৰ আচ্ছাদনৰ প্ৰকোপ বৃদ্ধি পাব বুলিও সতর্কতা জাৰি কৰিছে।স্বাভাৱিকতে সকলোতে দৃশ্যমানতা হ্ৰাস পাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষই যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক যাত্ৰা কৰিবলগীয়া সংলিষ্ট বিমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈ অনুৰোধ জনাইছে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী