এয়াৰটেলৰ স্পেমৰ বিৰুদ্ধে যুদ্ধৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি এক নতুন অত্যাধুনিক সমাধান উন্মোচন কৰে যিয়ে ইমেইল, ব্ৰাউজাৰ, হোৱাটছএপ, টেলিগ্ৰাম, ফেচবুক, ইনষ্টাগ্ৰাম, এছএমএছ , অভাৰ-দ্য-টপ (অ’টিটি) এপ আৰু প্লেটফৰ্মত বিপজ্জনক ৱেবছাইটসমূহ তৎক্ষণাত চিনাক্ত আৰু ব্লক কৰিব । এয়াৰটেলৰ সকলো ব্ৰডবেণ্ড আৰু মোবাইল গ্ৰাহকে স্বয়ংক্ৰিয়ভাৱে এই সুৰক্ষিত সেৱাত নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰা হ’ব, কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ প্ৰদান কৰা হ’ব। যেতিয়া কোনো গ্ৰাহকে এয়াৰটেলৰ উন্নত সুৰক্ষা ব্যৱস্থাই ক্ষতিকাৰক বুলি ফ্লেগ কৰা ৱেবছাইট এটাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, পেজ লোডটো ব্লক কৰা হয়, আৰু গ্ৰাহকসকলক ব্লকৰ কাৰণ ব্যাখ্যা কৰা এটা পেজলৈ পুনৰনিৰ্দেশিত কৰা হয়।
যিহেতু দেশজুৰি ডিজিটেল প্লেটফৰ্মসমূহ অধিক সম্প্ৰসাৰণ হৈছে, সেয়েহে অনলাইন প্ৰৱঞ্চনাৰ ভাবুকি দৈনিক সম্প্ৰসাৰিত হৈছে আৰু ই গ্ৰাহকৰ বাবে এক গুৰুতৰ বিপদৰ সৃষ্টি কৰিছে। যোৱা কিছুদিনত এই ভাবুকি আতংকজনকভাৱে বৃদ্ধি পাইছে। প্ৰৱঞ্চনামূলক আঁচনিৰ পৰিসৰ প্ৰতাৰণামূলক কল আৰু অ’টিপি প্ৰৱঞ্চনা ৰ বাহিৰেও বহু দূৰলৈকে বিকশিত হৈছে, শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনসমূহে ইংগিত দিছে যে লাখ লাখ ব্যক্তি ক্ষতিকাৰক অনলাইন কেলেংকাৰীৰ বলি হৈছে।
সমস্যাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰটেলে ব্যৱহাৰকাৰীসকলক সকলো ধৰণৰ প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ পৰা ৰক্ষা কৰিবলৈ এআইৰ দ্বাৰা পৰিচালিত এক বহুস্তৰীয় স্মাৰ্ট প্লেটফৰ্ম স্থাপন কৰিছে। ই এটা অত্যাধুনিক ভাবুকি ধৰা পেলোৱা প্ৰযুক্তি আৰম্ভ কৰি ইয়াক সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে যি ডিভাইচসমূহৰ মাজৰ সংযোগ সীমিত কৰিব আৰু সকলো প্লেটফৰ্মত ডমেইন ফিল্টাৰিং সম্পাদন কৰিব।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি ভাৰতী এয়াৰটেলৰ ভাইচ চেয়াৰমেন তথা পৰিচালন সঞ্চালক গোপাল ভিট্টেলে কয় যে, “যোৱা কেইবছৰমানৰ পৰা আমি এনে কেইবাটাও দৃষ্টান্তৰ সন্মুখীন হৈছো য’ত সন্দেহহীন গ্ৰাহকক কৌশলী অপৰাধীয়ে তেওঁলোকৰ কষ্টোপাৰ্জিত ধনৰ প্ৰতাৰণা কৰিছে। আমাৰ অভিযন্তাসকলে আমাৰ ফ্ৰড ডিটেকচন ছলিউচন মুকলিৰ জৰিয়তে এই সমস্যা সমাধানৰ চেষ্টা কৰিছে। আমি বিশ্বাস কৰোঁ যে ইয়াৰ দ্বাৰা আমাৰ গ্ৰাহকসকলে সম্পূৰ্ণ শান্তি লাভ কৰিব, আমাৰ এআই ভিত্তিক সঁজুলিয়ে ইণ্টাৰনেট ট্ৰেফিক স্কেন কৰে, গ্লোবেল ৰিপ’জিটৰী আৰু আমাৰ নিজৰ ডাটাবেছৰ সৈতে বাস্তৱ সময়ত পৰীক্ষা কৰে আৰু প্ৰৱঞ্চনামূলক ৱেবছাইটসমূহ ব্লক কৰে । আমাৰ সমাধানে ইতিমধ্যে ৬ মাহৰ পৰীক্ষাত সঠিকতাৰ এক উল্লেখযোগ্য স্তৰত উপনীত হৈছে। আমি আমাৰ নেটৱৰ্কক স্পেম আৰু কেলেংকাৰীৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত নকৰালৈকে অদম্যভাৱে কাম কৰি যাম।
বৰ্তমান এই সেৱা হাৰিয়ানা চক্ৰত উপলব্ধ, অতি সোনকালে দেশজুৰি ৰোলআউট কৰাৰ পৰিকল্পনা কৰা হৈছে।