এয়াৰটেলে মুকলি কৰিলে ‘অ’ টি পি লিকেজ’ৰ জৰিয়তে সংঘটিত প্ৰবঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ নতুন কৃত্ৰিম বুদ্ধিমত্তাচালিত ব্যৱস্থা
স্পাম আৰু ডিজিটেল প্ৰবঞ্চনাৰ বিৰুদ্ধে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে এয়াৰটেলে আজি ফ্ৰ’ড এলাৰ্ট শীৰ্ষক এটি নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাই অ’ টি পি সংক্রান্তীয় বেংক প্ৰবঞ্চনাৰ পৰা পোৱা বিপদৰ পৰা গ্ৰাহকসকলক সুৰক্ষা প্ৰদান কৰিব।
প্ৰবঞ্চকসকলে সাধাৰণতে ডেলিভাৰী বা দৈনন্দিন সেৱাৰ সৈতে জড়িত জৰুৰী পৰিস্থিতিৰ সুযোগ লৈ গ্ৰাহকক ভুল পথেৰে বেংক লেনদেনৰ অ’ টি পি শ্বেয়াৰ কৰিবলৈ প্ৰলোভিত কৰে, যাৰ ফলত তেওঁলোকৰ বেংক একাউণ্টৰ ধন বিপদত পৰে। এয়াৰটেলৰ নতুন আইভিত্তিক ব্যৱস্থাই এনে সন্দেহজনক পৰিস্থিতি চিনাক্ত কৰি সংশ্লিষ্ট গ্ৰাহকসকলক আগতীয়াকৈ সতৰ্ক কৰি দিব।
যেতিয়া কোনো সম্ভাব্য বিপদজনক ইনকামিং কলৰ সময়ত বেংকৰ অ’ টি পি ধৰা পৰে, তেতিয়া এয়াৰটেল ব্যৱস্থাই গ্ৰাহকক সম্ভাব্য প্ৰবঞ্চনাৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিব আৰু কল চলি থকা অৱস্থাত অ’ টি পি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ দিব। এ আইচালিত বুদ্ধিমত্তা আৰু মানুহৰ বিচাৰ কৰাৰ ভাবধাৰাৰ এই সংমিশ্ৰণে গ্ৰাহকসকলক তথ্য পৰীক্ষা কৰিবলৈ আৰু নিজৰ সুৰক্ষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ প্ৰয়োজনীয় সময় দিব, যাৰ ফলত প্ৰবঞ্চকসকলে ব্যৱহাৰ কৰা প্ৰবঞ্চনাৰ দুৱাৰসমূহ বন্ধ হ’ব।
বিগত দুটা বছৰত এয়াৰটেলে স্পাম কল সতৰ্কবাণী আৰু ক্ষতিকাৰক লিংক ব্লকিঙৰ দৰে এ আইচালিত বিভিন্ন সুৰক্ষা ব্যৱস্থা আৰম্ভ কৰিছে। যদিও এই পদক্ষেপসমূহে সহায় কৰিছে, তথাপি প্ৰবঞ্চকসকলে বিভিন্ন জালিয়াতিৰে মানুহৰ দুর্বলতাক ব্যৱহাৰ কৰি আহিছে। এই নতুন ব্যৱস্থাটোৱে মোবাইল ব্যৱহাৰকাৰীসকলক ডিজিটেল প্ৰবঞ্চনাৰ পৰা অধিক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।
এই সমাধান ইতিমধ্যে হাৰিয়ানাত আৰম্ভ কৰা হৈছে আৰু আগন্তুক দুসপ্তাহৰ ভিতৰত এয়াৰটেলৰ সকলো গ্ৰাহকৰ বাবে পৰ্যায়ক্রমে উপলব্ধ কৰা হ’ব।