কামৰূপ মহানগৰ জিলাৰ ডিগাৰুত চিত্ৰনিৰ্মাতা,পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিকল্পনাত নেডফিমছৰ উদ্যোগত দেওবাৰে “দৰ্শন” শীৰ্ষক এক চুটি চলচ্চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। শিশু-কিশোৰকে ধৰি যুৱপ্ৰজন্মৰ মাজত মানসিক,আধ্যাত্মিক তথা জীৱন দৰ্শন জগাই তোলাৰ লক্ষ্যৰে অনুষ্ঠিত চলচ্চিত্ৰ প্ৰদৰ্শনীত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰা উঠি অহা প্ৰজন্মৰ মাজত পথ সুৰক্ষা সচেতনতাৰ লগতে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য সজাগতা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীক পথৰ নিয়ম মানি চলা, হেলমেট-ছিটবেল্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা তথা দায়িত্বশীল আচৰণৰ ক্ষেত্ৰত সজাগ কৰা হয়।সজাগতাৰ অভাৱত কিদৰে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে পাৰে সেই সন্দৰ্ভতো ভবাই তোলাৰ প্ৰয়াস কৰা হয়। বিশেষকৈ সম্প্ৰতি ডিজিটেল যুগত আগবাঢ়োঁতে আমি প্ৰকৃতি আৰু নৈতিক মূল্যবোধ বজাই ৰখাৰ লগতে শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা, মোবাইলৰ অধিক ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱ আদি দিশসমূহ ডাঙি ধৰা হয়। “দৰ্শন” কাৰ্যসূচীত প্ৰদৰ্শিত চলচ্চিত্ৰসমূহ হ’ল জীৱন, মুক্তি, ৰাজু গ’ল স্কুললৈ, চক্রবেহু, পাপী, ব্লেক হোৱেল আৰু দাপোণ। চলচ্চিত্ৰসমূহৰ ৰচনা আৰু পৰিচালনা চন্দ্ৰশেখৰ দাসৰ। প্ৰদৰ্শনীত উপস্থিত থাকি চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা ঈষান হাজৰিকা আৰু লেখক-সাংবাদিক ৰক্তাভজ্যোতি বৰাই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে সমাজকৰ্মী সূৰ্য দাসে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan