এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে

0 218

ভাৰতী এয়াৰটেলে আজি ঘোষণা কৰিছে যে তেওঁলোকৰ প্ৰতাৰক – বিৰোধী সজুঁলিয়ে অসমৰ্থিত অনলাইন অপৰাধৰ অভিযোগত উল্লেখযোগ্য হ্ৰাস সম্পাদনা কৰিছে, আৰু এয়া ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)– গৃহ মন্ত্ৰালয়ৰ পৰা সাম্প্ৰতিক তথ্যৰ পৰাও অধিক সমৰ্থিত হৈছে (MHA)।
MHA-I4C ৰ মতে, এয়াৰটেল নেটৱৰ্কত আৰ্থিক ক্ষতিৰ মূল্যত ৬৮.৭% ৰ এটা অবিশ্বাস্য হ্ৰাস আৰু মুঠ চৌৰ্য্যকাৰ্য্যৰ ঘটনা ১৪.৩% হ্ৰাস পাইছে,যাৰ ফলত এয়াৰটেলে ঠগ চিনাক্ত কৰি সমাধানৰ সুত্ৰ উলিয়াই তাক ৰোধ কৰাৰ উপৰিও গ্ৰাহকসকলৰ বাবে এক সুৰক্ষিত নেটৱৰ্ক সৃষ্টিত সফল হৈছে। MHA -I4C দ্বাৰা বিশ্লেষণ কৰা তথ্যই ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২৫ চনৰ জুন মাহলৈকে এই তথ্যৰ ৰিজনি আৰম্ভ হৈছিল, তাৰ পূৰ্বে এয়াৰটেলৰ ফ্ৰ’ড আৰু স্পেম চিনাক্তকৰণ সমাধা কৰা হৈছিল।
ভাৰতী এয়াৰটেলৰ ভাইচ চেয়াৰমেন আৰু মেনেজিঙ ডাইৰেক্টৰ গোপাল ভিট্টলে এই উদ্যোগটোৰ বিষয়ে মন্তব্য কৰি কয় যে, “আমি আমাৰ গ্ৰাহকৰ বাবে স্পেম আৰু বিত্তীয় প্ৰতাৰণা দূৰীকৰণাৰ্থে এটা মিছনত আছো। বিগত এটা বছৰত আমাৰ AI -চালিত নেটৱৰ্ক সমাধানে ৪৮.৩ বিলিয়নাধিক স্পেম কল চিনাক্তকৰণ কৰিছে আৰু ৩.২ লাখ প্ৰতাৰক লিঙ্ক বন্ধ কৰিছে। কিন্তু এইটো বৃহৎ পৰিসৰত এটা সৰু পদক্ষেপ। আমি এই পদক্ষেপ অব্যাহত ৰাখিম আৰু উদ্যোগখণ্ডত ব্যাপক ভাবে বিনিয়োগ কৰিম,যাতে আমাৰ নেটৱৰ্ক ডিজিটেল স্পেম আৰু ঠগবাজীৰ পৰা মুক্ত হয়।”
” ভাৰতৰ চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)- আৰু গৃহ মন্ত্ৰালয়ৰ (MHA) সৈতে জড়িত হৈ সম্পাদিত এই পদক্ষেপে আমাক যথেষ্ঠ উৎসাহিত কৰে আৰু এই মিছনৰ প্ৰচেষ্টাবোৰকো প্ৰমাণিত কৰে। মই MHA I4C আৰু DOT ক এই ক্ষেত্ৰত বিশেষভাবে ধন্যবাদ জনাব বিচাৰো যে তেওঁলোকৰ স্পেম আৰু ঠগবাজী নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে। সেই বাবেই আমি চাইবাৰ অপৰাধ আৰু প্ৰতাৰণাৰ লেখিয়া অপৰদবোৰ দূৰ কৰি ধাৰাবাহিকভাৱে চৰকাৰৰ সহযোগিতাত এই বিশেষ কাৰ্য্য সম্পাদন কৰিব পাৰিছো “,ভিট্টলে এইদৰে কয়।
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত, দেশত স্পেমৰ সমস্যাটো নিয়ন্ত্ৰিত কৰিবলৈ এক বিশেষ পদক্ষেপ হিচাপে উদ্যোগটোৱে ভাৰতৰ প্ৰথম নেটৱৰ্ক ভিত্তিক AI – ক্ষমতাৰ স্পেম চিহ্নিতকৰণ আৰম্ভ কৰিছিল। এই সমাধান সুত্ৰই ক্ৰমবৰ্ধিত স্পেম আৰু বাৰ্তা বিষয়ক সমস্যাৰ সমাধানৰ দিশটোৰ এক উল্লেখযোগ্যতা আগবঢ়াইছিল। এই সমাধানটো দেশৰ এগৰাকী টেলিকম সেৱা প্ৰদানকাৰীৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এটা বিশেষ সমাধান আছিল,যাৰ সহায়ত গ্ৰাহকসকলক সকলো সন্দেহজনক স্পেমকল আৰু বাৰ্তা বিষয়ক আগতীয়াকৈ অৱগত কৰা হয়। তাৰ পৰৱৰ্তী সময়ত,২০১৫ চনৰ মে মাহত উদ্যোগটোৱে পৃথিৱীৰ প্ৰথম সমাধান উন্মোচন কৰিছিল, যিয়ে নিজৰ নেটৱৰ্ককত সকলো প্ৰকাৰৰ যোগাযোগৰ মাজেৰে ক্ষতিকাৰক লিঙ্কবোৰ সঠিক সময়ত বন্ধ কৰিব পাৰে।
এই নিৰাপদ সেৱাৰ কোনো ধৰণৰ অধিক খৰচ অবিহনে সকলো এয়াৰটেল মোবাইল আৰু ব্ৰডবেণ্ড গ্ৰাহকৰ সৈতে এটা সুসঙ্গতভাবে একত্ৰিত কৰা হৈছে আৰু স্বয়ংক্ৰিয়তাৰে সক্ৰিয় কৰা হৈছে। I4C বিশ্লেষণৰ ফলাফলবোৰ এয়াৰটেল গ্ৰাহকৰ বাবে এই আৰম্ভণিমূলক পদক্ষেপবোৰৰ কাৰ্য্যকাৰিতাকো প্ৰদৰ্শিত কৰে।

Leave A Reply

Your email address will not be published.