বৰষা ৰাণী বিষয়াই মুকলি কৰিল দ্য ৰয়েল ক্ৰাউন

0 337

খাদ্য ৰসিক সকললৈ সুখবৰ ।আজি মহানগৰীৰ এ বি চিৰ মুকলি হ’ল লাক্সাৰী ডাইনিঙৰ ৱাইল্ড দ্য ৰয়েল ক্ৰাউন শীৰ্ষক এখন ৰেষ্টুৰেণ্ট।ভাৰতীয়, চাইনিজ, জাপানীজ খাদ্য সম্ভাৰ ৰেষ্টুৰেণ্টখনত উপলব্ধ হ’ব।আজি ৰেষ্টুৰেণ্টখন আনুষ্ঠানিক ভাৱে মুকলি কৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।তেখেতে ৰেষ্টুৰেণ্টখন মুকলি কৰি কয় যে সুন্দৰ পৰিবেশতেহে খাদ্য গ্ৰহণ উপভোগ্য হৈ পৰে।মই ইয়ালৈ আহি আনন্দিত হৈছো।আনহাতে প্ৰবন্ধক হিমাংশু বৰুৱাই কয় যে গ্ৰাহকে খাদ্য গ্ৰহণ কৰাৰ লগতে বলিউডৰ ছুফী, গজল, ৰেষ্টুৰেণ্ট খনত উপভোগ কৰিব পাৰিব ।১১০গৰাকী ব্যক্তিয়ে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ৰেষ্টুৰেণ্টখনত ৰাজকীয় পৰিবেশ সমাহাৰ আছে।

Leave A Reply

Your email address will not be published.