আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ

0 174

এবাৰ গ্ৰীষ্মকাল চলি থকাৰ সময়তে দেশৰ বহু পৰিবেশ বিজ্ঞানীয়ে বিভিন্ন কাৰকৰ বাবে হিমালয় পৰ্বতমালাৰ পাদ দেশৰ অঞ্চল সমূহত শীত কালৰ সময় চোৱাত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি আগজাননী দিছিল। ইতিমধ্যে সেই আগজাননী অনুসৰি জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশলৈ বিগত প্ৰায় দুই সপ্তাহ ধৰি অধিক শীত অনুভূত হোৱাৰ লগতে বেছিভাগ ঠাইতে বৰফ পৰা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে আঘোণ মাহৰ পৰম্পৰা ৰক্ষা কৰি উত্তৰ পূৰ্বাঞ্চলৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমলৈ নৱেম্বৰ মাহৰ শেষ ভাগৰ পৰা নামি আহিছে শীত । অৱশ্যে গোলকীয় উত্তাপ, জলবায়ু পৰিবৰ্তন , অবাধ বন আৰু প্ৰকৃতি ধ্বংস , গছ – গছনিৰ সংখ্যা কমি যোৱা আদি কাৰকৰ বাবে শীত অসমত পলমকৈ অহা বুলি পৰিবেশবিদসকলে তথ্য সহকাৰে সদৰি কৰি আহিছে । যাৰ ফলত এক – ডেৰ দশক পূৰ্বে কাতি মাহত অনুভূত হোৱা শীত এতিয়া আঘোণ মাহৰ তিনি সপ্তাহ পাৰ হোৱালৈকে অপেক্ষা কৰিব লগা হৈছে। আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি বিগত প্ৰায় তিনি সপ্তাহৰো অধিক দিন ধৰি দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল ক্ৰমাৎ শীতৰ কৱলত পৰিছে। আনকি বিগত ৪৮ ঘণ্টাত লখিমপুৰ, ধেমাজীকে ধৰি উত্তৰ অসমৰ কেবাখনো জিলা ,ডিব্ৰুগড়,তিনিচুকীযা,শিৱসাগৰ,যোৰহাটকে ধৰি উজনি অসমৰ কেবাখনো জিলাত নিশাৰ ভাগত প্ৰচণ্ড শীতৰ কবলত পৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ তিব্বত সীমান্তৰ কেবাখনো জিলাৰ বহু অঞ্চল বৰফৰ পাতল আচ্ছাদনে ঢাকি ৰাখিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সন্ধিয়া সদৰি কৰা অনুসৰি আগন্তুক ২৪ ঘণ্টাত অসমৰ কেবাখনো জিলাৰ আকাশ মাজনিশাৰ পৰা পুৱা সূৰ্য্য উদয় হোৱাৰ সময়লৈ বেছিভাগ অঞ্চল ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিব। ইফালে কুঁৱলীৰ আচ্ছাদনৰ বাবে পুৱাৰ ভাগত সূৰ্য্যৰ পোহৰ আৰু উত্তাপ কমি যোৱাত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে। ইতিমধ্যে উজনি অসমৰ কেবাখনো চহৰ নগৰত সৰ্বনিম্ন তাপমাত্ৰা ৮ ডিগ্ৰী চেলচিয়াছলৈ নামি গৈছে। যাৰ বাবে ৰাইজে পুৱাৰ ভাগত আৰু বিয়লিৰ পাছত অধিক শীত অনুভৱ কৰিছে। উল্লেখ্য যে অধিক মাত্ৰাত যান-বাহন চলাচল কৰা বাট – পথসমূহত পুৱাৰ ভাগত সূৰ্য উদয় হোৱাৰ পাছতেই কুঁৱলী আঁতৰি যোৱা পৰিলক্ষিত হৈছে যদিও বেছি বাহন চলাচল নকৰা অঞ্চলসমূহত কুঁৱলী পলমকৈহে আঁতৰি যোৱা পৰিলক্ষিত হৈছে। অৱশ্যে দিনৰ ১০ মান বজাৰ পৰা বিয়লি ২ মান বজালৈকে আকাশত সূৰ্য্য দৃশ্যমান হৈ থকা বাবে সেই সময়খিনীত তাপমাত্ৰা সামান্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সন্ধিয়া পর্যন্ত ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ— গুৱাহাটী ১২.৫ ডিগ্রী, ডিব্ৰুগড় ৮.৬ ডিগ্ৰী,তেজপুৰ ১১,৯ ডিগ্ৰী, শিলচৰ ১২.৩ ডিগ্ৰী, ধুবুৰী ১৩.৬ ডিগ্রী, যোৰহাট ৮.২ ডিগ্ৰী ,উত্তৰ লখিমপুৰ ৮.৫ ডিগ্রী ,চাপৰমুখ ১৩.৬ ডিগ্ৰী চেলচিয়াছ। একে সময়চোৱাত উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৭.০.ডিগ্ৰী চেলচিয়াছ । আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা কেবাদিনলৈ দিনৰ ভাগত বতৰ ফৰকাল আৰু শুকান হৈ থাকিলেও জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত পুৱাৰ ভাগত আৰু সন্ধিয়াৰ পাছত ডাঠ কুৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতর্কতা জাৰি কৰিছে । স্বাভাৱিকতে সকলোতে দৃশ্যমানতা হ্ৰাস পাব। ইয়াৰ ফলত বিমানৰ স্বাভাৱিক উৰণ-অবতৰণ কাৰ্যত বাধাৰ সৃষ্টি হব পাৰে । বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষই যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক যাত্ৰা কৰিবলগীয়া সংলিষ্ট বিমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈ অনুৰোধ জনোৱা বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে এক ডেৰ দশক আগতে কাতি মাহৰ মাজভাগতে ঠাণ্ডা অনুভৱ হৈছিল। কিন্ত আজি আঘোণ মাহৰ ২৩ টাকৈ দিন পাৰ হোৱাৰ পাছত তেনে ঠাণ্ডা অনুভূত হোৱা নাই। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া জিলাৰ অসম – অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চললৈ আৰু লখিমপুৰৰ পৰা জোনাইৰ অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চললৈ সন্ধিয়াৰ পাছত অধিক শীত অনুভূত হোৱাত ৰাইজে হাড় কপোৱা জাৰৰ সৈতে সহাবস্থান কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে নামনি অসমৰ জিলা কেইখনৰ ৰাইজে সাময়িকভাবে কিছু সকাহ লাভ কৰিছে। অবশ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১২ ডিচেম্বৰৰ পাছত গুৱাহাটীসহ নামনি অসমৰ বেছিভাগ ঠাইতে শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.