আজি শিশু দিৱস।সমগ্ৰ ৰাজ্যতে উলহে মালহে এই দিৱস উদযাপিত হৈছে।শিশু দিৱসৰ অন্তৰাল থকা ব্যক্তিজনে হৈছে জৱহৰলাল নেহৰু।তেখেত স্বাধীন ভাৰতৰ প্ৰথম জন প্ৰধানমন্ত্ৰী আছিল।তেখেতে শিশুসকলক খুব ভাল পাইছিল।বিশেষকৈ শিশুৰ শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছিল।যাৰ ফলস্বৰুপে উঠি অহা প্ৰজন্মৰ বাবে ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।শিশুসকলকলৈ তেখেতৰ দৰ্শন আছিল এনেধৰণৰ-আমি নিজৰ ইচ্ছানুসৰি সন্তান তৈয়াৰ কৰিব নোৱাৰো।ভগৱানে সন্তানক যি ৰুপত আগবঢ়াছে ,সেইৰুপত আমি শিশুক প্ৰেমেৰে স্বীকাৰ কৰিব লাগে।ইয়াৰ উপৰিও তেখেতে কৈছিল পৃথিৱীৰ আটাইতকৈ ভাল লগা সময় কেৱল শিশু অৱস্থাতেই পোৱা যায়।শিশু ৰাষ্ট্ৰৰ ভৱিষ্যত।কিয়নো আজিৰ শিশু কালিলৈ এখন দেশৰ নাগৰিক ।শিশুৰ শিক্ষা,অধিকাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া পণ্ডিত নেহৰুৰ জন্মদিনটো সেয়েহে আজিও শিশুসকলে বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি