অচিৰেই ঘোষণা হ’ব পাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন

0 270

সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ ভাৰততো নভেল ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পাব ধৰিছে। যাৰ ফলস্বৰূপে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ দেশজুৰি লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে।
 
 
উল্লেখ্য যে আক্ৰান্তৰ ফালৰ পৰা ভাৰতে চীনক চেৰ পেলাইছে। এক বিশেষ সুত্ৰৰ প্ৰকাশ অনুসৰি জানিব পৰা মতে পূৰ্বৰ তুলনাত ১২পৃষ্ঠাত এক নতুন ৰূপ তথা এখ নতুন নীতি নিৰ্দেশনাৰ ভিত্তিত দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আজি চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ঘোষণা কৰিব পাৰে।
সমগ্ৰ দেশতে বিগত ৪০দিন ধৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছিল ,সেই সময়ছোৱাতো সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত যোৱা ৪মেৰ পৰা ১৭মে’লৈ পুনৰ তৃতীয় পৰ্যায়ৰ লকডাউন কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল। কিন্তু লক্ষণীয়ভাৱে এই সময়ছোৱাতো সংক্ৰমণৰ হাৰ হ্ৰাস নোপোৱাত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰয়োজনীয়তা আহি পৰিছে। উল্লেখ্য যে দেশৰ অৰ্থনৈতিক দুৰ্বলতা আৰু জনজীৱন ব্যাহত হোৱাৰ বাবে এই সকলোখিনিৰ ওপৰত চিন্তা চৰ্চা অব্যাহত ৰাখি চতুৰ্থ পৰ্যায়ৰ লকডাউনত কিছু শিথিলতা অনাৰ লগতে কেতবোৰ নতুন নীতি নিৰ্দেশনাও ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

Leave A Reply

Your email address will not be published.