অচিৰেই লালিগুড় নিষিদ্ধ হ’ব

0 208

ৰাজ্যত নিষিদ্ধ হ’ব লালিগুড়। উপায়ুক্তক লালিগুড় নিষিদ্ধ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে। অবৈধ সুৰা সেৱনৰ ক্ষতিকাৰক দিশসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে বিভিন্ন স্থানত সচেতনতাৰ কাৰ্যসূচী গ্ৰহণৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । সুৰা ট্ৰেজেডীত ঘাতমাউৰা হোৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা ল’‍ব ৰাজ্য চৰকাৰে। জুভেনাইল জাষ্টিচ আইনৰ অধীনত ল’ব পদক্ষেপ। জনতা ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত। বৈঠকত উপস্থিত আছিল মন্ত্ৰী পল্লৱলোচন দাস, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, শ্ৰম বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ঞু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজহ আৰু শ্ৰম বিভাগৰ বহু কেইগৰাকী বিষয়া ।

Leave A Reply

Your email address will not be published.