অনুষ্ঠানৰ খবৰ

0 215

অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত হৰে কৃষ্ঞ মুভমেণ্ট গুৱাহাটীৰ সহযোগত জগন্নাথ ৰথ যাত্ৰা আয়োজন কৰা হৈছে। অহা ১৪ জুলাইত কামৰূপ জিলাৰ দলিবাৰী এম ভি স্কুলৰ পৰা এই ৰথ যাত্ৰা আৰম্ভ হ’ব। উল্লেখযোগ্য যে প্ৰতি বছৰে জগন্নাথ পুৰীত পৰম্পৰাগত ভাৱে এই উৎসৱ উদযাপিত হৈ আহিছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদ মেলত হৰে কৃষ্ঞ মুভমেণ্টৰ বিজয় পণ্ডিতে কয় যে এই ৰথ যাত্ৰাত কামৰূপ জিলাৰ উপায়ুক্তৰ লগতে অভিনেতা ৰবি শৰ্মা আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অংশগ্ৰহণ কৰিব। জন্মাষ্টমী, শ্ৰীৰাম নৱমীৰ নিচিনাকৈ সমূহ জনসাধাৰণৰ পৰা সহায় সহযোগিতা কমনা কৰিছে। এই ৰথ যাত্ৰা ৰ সমান্তৰালকৈ ভাওনা, সত্ৰীয়া নৃত্য আদি অনুষ্ঠিত হ’ব। এই ৰথ যাত্ৰা পছৰীয়াৰ কুশল কোঁৱৰ হাইস্কুলত সমাপ্ত হ’ব।

আনেহাতে পাব্লিক ৰিলেচন চ’চাইটি অৱ ইণ্ডিয়া চমুকৈ পি আৰ এছ আই গুৱাহাটী অধ্যায়ে ১৪ জুলাইত এক সমাৰোহ আয়োজন কৰিছে।অসম তথা উত্তৰ পূবৰ সমূহ পি আৰ এজেঞ্চিয়ে অংশগ্ৰহণ কৰিৱ লগীয়া এই সমাৰোহখনত গণ সংযোগৰ মাধ্যম হিচাপে পি আৰ এজেঞ্চিৰ ভূমিকা তথা অগ্ৰগতি সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত হ’ব। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিব। লগতে চৰকাৰী বেচৰকাৰী খণ্ডৰ বহুকেইজন গণ্য মান্য ব্যক্তিয়ে অংশ ল’ব। উল্লেখযোগ্য যে তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই সমাৰোহ খন গুৱাহাটীৰ নেডফি অনুষ্ঠিত হ’ব বুলি এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.