অন্নপূর্ণা ভাণ্ডাৰৰ শুভাৰম্ভ – শীতল পানীয় মুকলি

0 269

উত্তৰ-পূৱ ভাৰতৰ এফ এম চি জি খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান অন্নপূর্ণা গ্রুপে ইতিমধ্যে পর্যায়ক্রমে ৰাষ্ট্ৰীয় বজাৰখনত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। কোম্পানীটোৱে আজি ট্রেজাৰ্ছ অৱ অন্নপূর্ণা শীর্ষক এক কফি টেবলবুক মুকলি কৰে, যিয়ে আকর্ষণীয় ৰূপত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বিস্তৃত ভ্রমণ নির্দেশনা হিচাপেও কাম কৰিব। উল্লেখ্য যে আজি মহানগৰীৰ আজাৰা বৰঝাৰস্থিত কিৰণশ্ৰী গ্ৰেণ্ডত মুকলি কৰা এই কফি টেবল বুকখনে পাঠকক উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য ক্ৰমে
অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা আৰু ছিকিমৰ মাজেৰে এক আকর্ষণীয় যাত্ৰাৰ আমেজ প্ৰদান কৰিব।কিছু শ্বাসৰুদ্ধকাৰী আলোকচিত্ৰৰ দ্বাৰা পৰিপূৰ্ণ এই ৪৪ পৃষ্ঠাৰ কিতাপখনে উত্তৰ-পূৱৰ বিভিন্ন উদ্ভিদ,জীৱ-জন্তু, ঐতিহাসিক আৰু পুৰাতাত্ত্বিক দিশেৰে গুৰুত্বপূৰ্ণ স্থান, উৎসৱ আৰু সংস্কৃতিৰ লগতে জনসাধাৰণৰ খাদ্য আৰু ৰন্ধন প্ৰণালীক সামৰি লৈছে ।অন্নপূর্ণা গোটৰ মুখ্য পৰিচালন সঞ্চালক সুবীৰ ঘোষে এই সন্দৰ্ভত জানিবলৈ দি কয় যে- অন্নপূর্ণাই কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ পেকেটযুক্ত খাদ্য সামগ্ৰীয়ে নহয়, দেশজুৰি উত্তৰ-পূৰ্বাঞ্চলৰ সোৱাদ আৰু অনুভৱও লাভ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ “৭০ য়ে সম্পৰ্ক ৰাখি এটা ব্ৰেণ্ডত পৰিণত হোৱা অন্নপূর্ণাই উত্তৰ-পূৰ্বাঞ্চলৰ অপূৰ্ব সম্ভাৰ ভাৰতলৈ আগবঢ়াই দি আমি গৌৰৱান্বিত। তদুপৰি উত্তৰ পূব ভাৰতৰ বজাৰ নেতা এফ এম চি জি মেজৰ অন্নপূৰ্ণা গ্ৰুপে Sprint fast energy drink এটাও আনুষ্ঠানিক ভাৱে মুকলি কৰে।

Leave A Reply

Your email address will not be published.